NORTHEAST NOW (Assamese)
Popular Stories

কেব বাতিলৰ দাবীত কোহিমাত নাগা ষ্টুডেণ্টছ ফেডাৰেচনৰ প্ৰতিবাদ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 10, 2019 10:21 pm

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কোহিমাত আজি নাগা ষ্টুডেণ্টছ ফেডাৰেচন (NSF)এ এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।

প্ৰতিবাদস্থলীত সংগঠনটোৰ সভাপতি নিনোটো আউমিয়ে কয় যে নাগালেণ্ডত ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা আছে যদিও ৰাজ্যখনে অনুপ্ৰৱেশকাৰীৰ প্ৰৱেশত বাধা দিব পৰা নাই।

‘সমগ্ৰ উত্তৰ-পূব এটা ব্ল’কৰ নিচিনা, যদি ইয়াৰ এটা সৰু অঞ্চলটো কেব বলৱৎ কৰা হয় তেন্তে গোটেই অঞ্চলটোতে অনুপ্ৰৱেশকাৰীৰ বাবে সুৰঙা উলিয়াই দিয়াৰ দৰে হ’ব।‘ আউমিয়ে কয়।

তেওঁ লগতে কয় যে চৰকাৰে অবৈধ অনুপ্ৰৱেশকাৰীক আশ্ৰয় দিয়াৰ পৰিৱৰ্তে নিজৰ নাগৰিকক সুৰক্ষা দিয়া উচিত।

সংগঠনটোৰ প্ৰাক্তন সভাপতি এন এছ এন ল’ঠায়ো বিধেয়কখনৰ বিৰোধিতা কৰি উত্তৰ-পূবত প্ৰৱেশ কৰা শৰ্ণাথিৰ অলিখিত তথ্যৰ ক্ষেত্ৰত উদ্বিগ্নতা প্ৰকাশ কৰে।

অসমৰ পিছতেই নাগালেণ্ড অবৈধ অনুপ্ৰৱেশৰ দ্বাৰা আটাইতকৈ বেছি বিপদাপন্ন হ’ব বুলি মন্তব্য কৰি তেওঁ সকলোকে এই বিধেয়কৰ বিৰুদ্ধে ওলাই আহিবলৈ আহ্বান জনায়।