NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত অসম নাট্য সন্মিলনৰ পাণ্ডুলিপি লিখন কৰ্মশালাৰ সামৰণি

Posted by: এন ই নাও নিউজ September 16, 2018 8:44 pm
Maligaon Drama Sanmilan

নতুন নাট্যকাৰ সৃষ্টিৰ মানসৰে অসম নাট্য সন্মিলনীৰ কেন্দ্ৰীয় সমিতিয়ে মালিগাওঁস্থিত ৰূপকোৱঁৰ জ্যোতি সংঘৰ সহযোগত যোৱা ১৩ ছেপ্তেম্বৰৰ পৰা ১৬ ছেপ্তেম্বৰলৈ গুৱাহাটীৰ মালিগাওঁস্থিত ৰূপকোৱঁৰ জ্যোতি সংঘত এক আৱাসিক পাণ্ডুলিপি লিখন কৰ্মশালা আয়োজিত হয়।

উক্ত কৰ্মশালাত অসমৰ বিভিন্ন প্ৰান্তৰ মুঠ ২৫ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাত সমল ব‍্যক্তি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা যথাক্ৰমে সেৱাব্ৰত বৰুৱা, কিশোৰ তহবিলদাৰ, মৃণাল কুমাৰ বৰা, অৰূপ বৰঠাকুৰ, হিমাংশু প্ৰসাদ দাস আৰু মুকাভিনয় শিল্পী মিনাংক ডেকাই।

অসম নাট্য সন্মিলনৰ সভাপতি দুলাল ৰয়ে প্ৰত্যেক দিনেই প্ৰশিক্ষাৰ্থীসকলৰ লগত মত বিনিময় কৰে। কৰ্মশালাত শিশু নাটৰ পাণ্ডুলিপিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয়। প্ৰশিক্ষণৰ অন্তত সভাপতিয়ে প্ৰশিক্ষাৰ্থী সকললৈ
প্ৰমাণ-পত্ৰ প্ৰদান কৰে।

কৰ্মশালাটিৰ আহ্বায়ক আছিল সন্মিলনৰ উপ সভাপতি বসন্ত বৰ্মন আৰু বিত্তীয় উপ সমিতিৰ সম্পাদক ভূপেন চন্দ্ৰ ডেকা। আগন্তুক দিনবোৰতো এনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি সন্মিলনৰ প্ৰধান সম্পাদকে জানিবলৈ দিয়ে।