NORTHEAST NOW (Assamese)
অসম

Tamulpur search operation: চোৰাং বিদ্যুৎ সংযোগৰ বিৰুদ্ধে বিদ্যুৎ উপ সংমণ্ডলৰ অভিযান

Posted by: দীপক কুমাৰ পাঠক, বাক্সা September 23, 2021 8:44 am
Tamulpur search operation

Tamulpur, চোৰাং বিদ্যুৎ সংযোগকাৰীৰ বিৰুদ্ধে তামুলপুৰ বিদ্যুৎ উপসংমণ্ডল বিষয়া-কৰ্মচাৰীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে।
তামুলপুৰৰ কেইবাখনো গাঁৱৰ লগতে নিজ- ডেফেলিৰ ঔখাৰি গাঁৱত চোৰাং বিদ্যুৎ সংযোগকাৰীৰ বিৰুদ্ধে চলোৱা হৈছে এই অভিযান।

তামুলপুৰ বিদ্যুৎ উপ – সংমণ্ডলৰ অভিযন্তা সূৰ্যকিৰণ গগৈৰ নেতৃত্বত যোৱা বিদ্যুৎ বিভাগৰ এটি দলে এই অভিযান চলায়।
চোৰাংকৈ বিদ্যুৎ সংযোগ লৈ দীৰ্ঘ দিনে কোনো মাচুল আদায় নিদিয়াকৈ বিদ্যুৎসেৱা ব্যৱহাৰকাৰী সকলৰ বিভিন্ন সামগ্ৰী জব্দ কৰি লৈ আনে তামুলপুৰ বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যালয়লৈ।

মহকুমাৰ কেইবাটাও প্ৰান্তত চৰকাৰী নীতি- নিয়ম উলংঘন কৰি বহু লোকে চোৰাংকৈ উপভোগ কৰিছে বিদ্যুৎ সেৱা।
অনতিপলমে বিদ্যুতৰ মাচুল আদায় দিয়াৰ উপৰি মিটাৰ লগাবলৈ আহ্বান জনায় বিদ্যুৎ বিভাগে।

Also read : Golaghat, অসামৰিক প্ৰতিৰক্ষা বিভাগৰ নৱনিযুক্ত ৱাৰ্ডেনসকলৰ সভা সম্পন্ন

অভিযান কালত তামুলপুৰ বৈদ্যুতিক উপ- সংমণ্ডলৰ সহকাৰী ৰাজহ প্ৰবন্ধক ৰমেন বক্সি, কনিষ্ঠ প্ৰবন্ধক নয়নজ্যোতি বৰা সহ গান্ধীবাৰী আৰক্ষী চকীৰ এটি দলে সহযোগ কৰে এই অভিযানত।

চোৰাংকৈ বিদ্যুৎ সেৱা উপভোগ কৰা লোকৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি মত ব্যক্ত কৰে অভিযন্তা সূৰ্য কিৰণ গগৈয়ে।