NORTHEAST NOW (Assamese)
অসম

নতুনকৈ পুনৰ ৫৩জন কোভিড-১৯ পজিটিভ; ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৩১৯জনলৈ বৃদ্ধি

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 23, 2020 1:56 pm
Covid-test-image

এইবাৰ ৰাজ্যত এবাৰতে ৫৩ জনকৈ লোক আক্ৰান্ত হৈছে কোভিড-১৯ ত।

আক্ৰান্ত সকলৰ ৪৪ গৰাকী সৰুসজাই কুৱাৰেন্টাইন চেণ্টাৰৰ, ৭ গৰাকী ডিমা হাছাও জিলাৰ আৰু ২ গৰাকী কাছাৰৰ।

ৰাজ্যত ৩১৯ গৰাকীলৈ বৃদ্ধি ক’ৰ’ণা আক্ৰান্ত ক’ৰ’ণা ৰোগীৰ সংখ্যা।

টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

আজিৰ দিনটোত বৰ্তমানলৈকে ৬০ গৰাকী লোক আক্ৰান্ত হৈছে কোভিড-১৯ ত।

কিছু সময় পূৰ্বে ৭ গৰাকীকৈ লোকৰ দেহত মাৰাত্মক কোভিড-১৯ ভাইৰাছৰ উপস্থিতি পোৱা গৈছে।

ইয়াৰে ৬ গৰাকী হোজাইৰ আৰু এগৰাকী ধুবুৰীৰ। আটাইকেইজন সৰুসজাই কুৱাৰেন্টাইন চেণ্টাৰত আছিল।

বৰ্তমান ২৫৮ গৰাকী লোক এই ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ৫৪ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

এতিয়ালৈ চাৰিগৰাকী মৃত্যু মুখত পৰিছে ৷

কালিৰ দিনটোত ৰাজ্যত একেলগে সৰ্বাধিক ৪৯ গৰাকী লোকৰ দেহত মাৰাত্মক কোভিড-১৯ ভাইৰাছ।

পৰহিৰ দিনাখন ২২ গৰাকীকৈ লোক আক্ৰান্ত হৈছে কোভিড-১৯ ত।

ৰাজ্যত পাঁচদিনৰ ভিতৰত শতাধিক লোক কোভিড-১৯ ত আক্ৰান্ত হৈছে।

যোৱা ২০ মেত ৩১ গৰাকীকৈ লোক এই কোভিড-১৯ ভাইৰাছৰ সংক্ৰমণ হৈছে।

ইয়াৰোপৰি, যোৱা ১৯ মে ত ৪২ গৰাকীকৈ লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ২৫৮ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক কোভিড-১৯ত।