NORTHEAST NOW (Assamese)

থিয়েটাৰতেই নহয়, এইবাৰ অসম গ্ৰন্থমেলাতো ছিজন টিকটৰ ব্যৱস্থা কৰিছে আয়োজকে, দাম কিমান ছিজন টিকটৰ?

December 26, 2021 3:06 pm · এন ই নাও নিউজ,গুৱাহাটী

থিয়েটাৰতেই নহয়, এইবাৰ অসম গ্ৰন্থমেলাতো ছিজন টিকটৰ ব্যৱস্থা কৰিছে আয়োজকে ।

অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত অহা ২৯ডিচেম্বৰৰ পৰা ৯ জানুৱাৰী-২০২২ লৈ গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্রতিষ্ঠান খেলপথাৰত

১২ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অসম গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে।

এই গ্ৰন্থমেলা দৰ্শনৰ সুবিধাৰ্থে গ্ৰন্থপ্ৰেমী ৰাইজলৈ ছিজন টিকটৰ ব্যৱস্থা কৰা হৈছে।

গ্ৰন্থমেলাৰ আটাইকেইদিনতে এটা টিকট লৈয়েই দৰ্শকে প্রৱেশ কৰিব পাৰিব। এই ছিজন টিকটৰ প্ৰৱেশ মূল্য ১০০ টকা আৰু টিকটটো দুগৰাকী দৰ্শনাৰ্থীৰ বাবে প্ৰযোজ্য হ’ব।

এই ছিজন টিকটসমূহ দৰ্শনাৰ্থীয়ে অহা ২৭ ডিচেম্বৰ তাৰিখৰ পৰা এম আৰ পাব্লিকেশ্যন, সৰস্বতী প্লাজা, যশৱন্ত পথ, পাণ বজাৰ, গুৱাহাটী-১, কুবেৰ বুক ষ্টল, কলেজ হোষ্টেল ৰোড, পাণবজাৰ, গুৱাহাটী, জ্যোতি প্রকাশন, যশোৱন্ত ৰোড, পাণবজাৰ, গুৱাহাটী ,জেবিজ’ (উজান বজাৰ) আৰু জেবিজ’ (খ্ৰীষ্টানবস্তি ঠিকনাৰ পৰা সংগ্ৰহ কৰিব পাৰিব।

Related News