NORTHEAST NOW (Assamese)

উত্তৰ নাই! ৰাজ্যৰ ১০৭খন বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰিলে ছেবাই

February 27, 2023 5:47 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰাজ্যৰ ১০৭ খন বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰিলে অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)য়ে। ছেবাৰ জাননী অনুসৰি অহা ৩১ মাৰ্চৰ পৰা এই নিৰ্দেশনা কাৰ্যকৰী হ’ব৷ ইয়াৰ ফলত উক্ত ১০৭ খন বিদ্যালয়ে অহা ১ এপ্ৰিলৰ পৰা নৱম শ্ৰেণীৰ কোনো শিক্ষাৰ্থী পঞ্জীভুক্ত কৰিব নোৱাৰিব।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত বেয়া প্ৰদৰ্শনৰ বাবে ছেবাই এই সিদ্ধান্ত লোৱা বুলি কোৱা হৈছে। ছেবাৰ মতে প্ৰায় ২৯৪ খন ব্যক্তিগত আৰু অপ্ৰাদেশীকৃত বিদ্যালয়ে ২০২২ৰ মেট্ৰিক তথা হাইমাদ্ৰাছা পৰীক্ষাত ভাল প্ৰদৰ্শন কৰিব পৰা নাছিল। মেট্ৰিকত শূন্যৰ পৰা ১০ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছিল ২৯৪ খন বিদ্যালয়ৰ। এই ২৯৪ খন বিদ্যালয়ৰ ভিতৰত ৪১ খন বিদ্যালয়ে বিগত ৫ বছৰ ধৰি নিৰন্তৰ বেয়া প্ৰদৰ্শন  কৰিছিল।

ছেবাই এনে বেয়া প্ৰদৰ্শন কৰা বিদ্যালয়ৰ স্বীকৃতি কিয় বাতিল কৰা নহ’ব বুলি কাৰণ দৰ্শোৱাৰ জাননী দিছিল। ছেবাৰ জাননীৰ উত্তৰ দিয়া ১৮৭খন বিদ্যালয়ক অন্তিম সুযোগ দিছে ছেবাই। ২০২৩ৰ মেট্ৰিকৰ ফলাফল উন্নত নহ’লে এই ১৮৭ খন বিদ্যালয়ৰ ক্ষেত্ৰতো ছেবা কঠোৰ হ’ব।

আনহাতে, ছেবাৰ কাৰণ দৰ্শোৱাৰ জাননীক গুৰুত্ব নিদি উত্তৰ নিদিয়া ১০৭ বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰা হৈছে।

দৰাচলতে ছেবাৰ জাননীৰ উত্তৰ দিবলৈ উক্ত বিদ্যালয়সমূহৰ হাতত কোনো উত্তৰ নাছিল নে প্ৰকৃততে তেওঁলোকে তেওঁলোকৰ বিদ্যালয়সমূহৰ শৈক্ষিক যাত্ৰা ইমানতে সামৰিব বিচাৰিছে সেইটো অৱশ্যে স্পষ্ট নহয়।

Related News