NORTHEAST NOW (Assamese)
অসম

১০ মে’ৰ ভিতৰত প্ৰকাশ পাব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

Posted by: এন ই নাও নিউজ March 19, 2019 7:28 am
Assam

২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অহা ১০ মে’ৰ ভিতৰত ঘোষণা কৰিব ছেবাই। অইন বছৰসমূহৰ তুলনাত এইবাৰ কিছু আগতীয়াকৈ মেট্ৰিকৰ ফলাফল প্ৰকাশ কৰাৰ যো-জা চলোৱা বুলি অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে জানিবলৈ দিয়ে।

ইয়াৰ উপৰি এইবাৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাত কেতবোৰ গুৰুত্বপূৰ্ণ সালসলনি তথা নতুন পৰিকল্পনা প্ৰস্তুত কৰা বুলিও ছেবাৰ অধ্যক্ষগৰাকীয়ে জনায়। নতুন পৰিকল্পনা অনুসৰি এইবাৰ পোন প্ৰথমবাৰৰ বাবে মেট্ৰিকৰ ফলাফল নিশা ১২ বজাত ঘোষণা কৰা হ’ব।

নিশা ফলাফল প্ৰকাশ পালেও শীৰ্ষস্থান দখল কৰা প্ৰাৰ্থীৰ তালিকা অইন বছৰ সমূহৰ দৰে ৰাতিপুৱা ৯ বজাতহে ঘোষণা কৰিব। বিগত বছৰৰ দৰে এইবাৰো শীৰ্ষ দহটা স্থান থাকিব।

ইফালে পৰীক্ষাৰ্থীসকলে ফলাফল সমূহ ছেবাৰ নিজা ৱেবছাইটৰ লগতে আন আন ৱেবছাটৰ জৰিয়তে চাব পাৰিব।

যোৱা ৬ মাৰ্চত সমাপ্ত হোৱা মেট্ৰিক পৰীক্ষাৰ উত্তৰবহী মূল্যায়ন প্ৰক্ৰিয়া এপ্ৰিল মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত সম্পূৰ্ণ কৰিব বুলিও জানিবলৈ দিয়ে ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে।