NORTHEAST NOW (Assamese)
অসম

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 18, 2025 7:31 pm
হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

ভাৰতৰ শ্বেয়াৰ বজাৰ নিয়ন্ত্ৰক সংস্থা ছেবিয়ে আদানী গ্ৰুপৰ বিৰুদ্ধে হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ কৰিছে। বাতৰি অনুসৰি হিণ্ডেনবাৰ্গ প্ৰতিবেদনত গৌতম আদানীৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহো খাৰিজ কৰা হৈছে।

আমেৰিকাৰ শ্বৰ্ট চেলাৰ হিণ্ডেনবাৰ্গ ৰিচাৰ্চে আদানি গ্ৰুপ আৰু গৌতম আদানীক ষ্টক মেনিপুলেচন অৰ্থাৎ ষ্টক মাৰ্কেটত ষ্টকৰ মূল্য জালিয়াতি কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

এই অভিযোগত আদানী এণ্টাৰপ্ৰাইজ, আদানি বন্দৰ আৰু আদানী পাৱাৰক কাঠগড়াত তোলা হৈছিল।

ছেবিয়ে কয় যে হিণ্ডেনবাৰ্গৰ এই অভিযোগৰ সমৰ্থনত কোনো প্ৰমাণ নাই। লগতে ছেবিয়ে জনায় যে আদানী গ্ৰুপৰ বিৰুদ্ধে কোনো ধৰণৰ অনিয়মৰ কোনো প্ৰমাণ পোৱা হোৱা নাই।

আদানি গ্ৰুপে আৰম্ভণিৰে পৰাই হিণ্ডেনবাৰ্গৰ অভিযোগ খাৰিজ কৰিছিল। হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিষ্ঠাপক নেট এণ্ডাৰছনে যোৱা জানুৱাৰী মাহত নিজৰ কোম্পানীটো বন্ধ কৰি দিছিল।