NORTHEAST NOW (Assamese)
দেশ

দেশলৈ পুনৰ ১২ টা চিতা: চলিত মাহতে দক্ষিণ আফ্ৰিকাৰ পৰা আমদানিৰ সম্ভাৱনা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 4, 2023 3:12 pm
cheetah

আফ্ৰিকান দেশৰ পৰা ভাৰতলৈ শীঘ্ৰেই আহিব চিতা বাঘৰ দ্বিতীয়টো গোট। এক বিশেষ সূত্ৰ অনুসৰি চলিত মাহৰ শেষৰফালে দক্ষিণ আফ্ৰিকাসহ আফ্ৰিকান দেশৰ পৰা ১২ টা চিতা বাঘ ভাৰতলৈ আমদানি কৰাৰ সম্ভাৱনা আছে।

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ এক সূত্ৰই জনোৱা মতে, দক্ষিণ আফ্ৰিকাৰ কৰ্তৃপক্ষৰ সৈতে ১২ টা চিতা কুনোলৈ আমদানি কৰাৰ বাবে আলোচনা শীৰ্ষ পৰ্যায়ত আছে আৰু জানুৱাৰী মাহত বাঘকেইটা আহি পোৱাৰ সম্ভাৱনা আছে।

ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানে প্ৰস্তুত কৰা ‘ভাৰতত চিতা পুনৰ প্ৰৱৰ্তনৰ কাৰ্য্য পৰিকল্পনা’ অনুসৰি নতুনকৈ চিতাৰ বংশ বিস্তাৰৰ বাবে প্ৰায় ১২-১৪ টা চিতা আমদানি কৰা হ’ব।

ইয়াৰে ৮ৰ পৰা ১০ টা চিতা মতা আৰু ৪ৰ পৰা ৬টা মাইকী চিতা বুলি জানিব পৰা গৈছে। দক্ষিণ আফ্ৰিকা, নামিবিয়া আৰু অন্যান্য আফ্ৰিকান দেশৰ পৰা প্ৰথমে পাঁচ বছৰ ধৰি প্ৰাৰম্ভিক ষ্টক হিচাপে আৰু তাৰ পিছত কাৰ্যসূচীৰ প্ৰয়োজন অনুসৰি আমদানি কৰা হ’ব।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ ছেপ্টেম্বৰত তেওঁৰ জন্মদিনৰ দিনাই নামিবিয়াৰ পৰা প্ৰথমটো গোটৰ আঠটা চিতা, পাঁচটা মাইকী আৰু তিনিটা মতা- কুনো ৰাষ্ট্ৰীয় উদ্যানৰ কোৱাৰেণ্টাইন ঘেৰাওত মুকলি কৰি দিছিল।

দেশত ১৯৫২ চনত এই বিশেষ প্ৰজাতিৰ দ্ৰুতবেগী জন্তুবিধ বিলুপ্ত হোৱাৰ ৭০ বছৰৰ পাছত পুনৰ ভাৰতলৈ অনা হৈছে চিতা।