NORTHEAST NOW (Assamese)
অসম

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত মৃত্যু দ্বিতীয়গৰাকী ভাৰতীয় ছাত্ৰৰ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী March 2, 2022 5:26 pm

যুদ্ধই মৃত্যু উপত্যকাত পৰিণত কৰা ইউক্ৰেইনত দুদিনৰ ভিতৰত দ্বিতীয়গৰাকী ভাৰতীয় ছাত্ৰৰ মৃত্যু ঘটিছে।

মৃত্যুক সাৱটি লোৱা দ্বিতীয়গৰাকী ভাৰতীয় ছাত্ৰ চন্দন জিন্দালৰ ঘৰ পঞ্জাৱত বুলি জানিব পৰা গৈছে।

চন্দন জিন্দালে (২২) ভিনিটচিয়া নেচনেল পাইৰোগভ মেম’ৰিয়েল মেডিকেল ইউনিভাৰ্চিটিত  চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম অধ্যয়ন কৰি আছিল।

প্ৰাপ্ত তথ্য অনুসৰি ভাৰতীয় ছাত্ৰ জনে যুদ্ধৰ পৰিবেশৰ মাজতে ষ্ট্ৰোকত আক্ৰান্ত হৈছিল।

তেওঁক লগে লগে ভিনিৎচিয়াত থকা জৰুৰীকালীন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

কিন্তু চিকিৎসকৰ অশেষ চেষ্টাৰ পিছতো ছাত্ৰ জনে আজি বিয়লি শেষ নিশ্বাস ত্যাগ কৰে। এই খবৰ পোৱাৰ পিছতে শোকত ভাগি পৰে ছাত্ৰজনৰ আত্মীয়ৰ লগতে বন্ধুবৰ্গ।

উল্লেখ্য কালিও ইউক্ৰেইনৰ খাৰকিভত ৰাছিয়াৰ গুলীৰ আঘাতত নিহত হৈছিল কৰ্ণাটকৰ হাভেৰী জিলাৰ চালাগাৰীৰ বাসিন্দা নবীন শেকাৰাপ্পা জ্ঞানগৌদাৰ নামৰ এজন ছাত্ৰ।

ছাত্ৰজনৰ মৃতদেহ ভাৰতলৈ অনাৰ বাবে চৰকাৰে প্ৰচেষ্টা চলাই আছে।

ইউক্ৰেইনৰ বিমান বন্দৰ সমূহ বন্ধ হৈ থকাৰ বাবে নিহত ছাত্ৰজনৰ মৃতদেহ আন দেশৰ মাজেৰে ঘূৰাই অনা হ’ব পাৰে বুলি ভাৰত চৰকাৰৰ এক উচ্চস্তৰীয় সূত্ৰই প্ৰকাশ কৰিছে।