NORTHEAST NOW (Assamese)
অসম

৫০ জনীয়া দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ অসম জাতীয় পৰিষদৰ : সভাপতি লুৰীণ জ্যোতিয়ে খেলিব দুটা সমষ্টিত

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 7, 2021 7:05 pm
index.jpgkkk

অসম জাতীয় পৰিষদে দেওবাৰে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে।

ইয়াৰ লগে লগে নৱগঠিত আঞ্চলিক দলটোৱে ৬৮ টা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰিলে। ইয়াৰ পূৰ্বে ১৮ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছিল দলটোৱে।

অসম জাতীয় পৰিষদে আজি দ্বিতীয়খন তালিকা ঘোষণা কৰা লগে লগে দলটোৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে দুটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাতো নিশ্চিত হৈছে।

সভাপতি লুৰীণ জ্যোতি গগৈয়ে ১১৮ নং দুলিয়াজান আৰু ১২০ নং নাহৰকটীয়া বিধান সভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব।

আজি প্ৰকাশিত তালিকা অনুসৰি প্ৰাক্তন বিধায়ক পবীন্দ্ৰ ডেকাই পাটাছাৰকুছি, অদীপ কুমাৰ ফুকনে পূৱ গুৱাহাটী, পুলকেশ বৰুৱাই বৰক্ষেত্ৰী আৰু দুলু আহমেদে হাজো সমষ্টিত প্ৰাৰ্থীত্ব লাভ কৰিছে।

ইফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে ৯৯ নং মাজুলী(জনজাতি)ত অসম জাতীয় পৰিষদৰ হৈ যুঁজ দিব শিশুধৰ দলেই।

index.jpg2

ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুজ হাজৰিকাৰ বিৰুদ্ধে অসম জাতীয় পৰিষদে বুবুল দাসক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে।

মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ বিপক্ষে জাতীয় পৰিষদৰ হৈ প্ৰতিদ্বন্দ্বিাত আগবঢ়াব দীপু চৌধুৰীয়ে।

অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তৰ বিৰুদ্ধে কলিয়াবৰত মুকুল বৰুৱা আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে ডঃ শিখৰ কুমাৰ শৰ্মাই অসম জাতীয় পৰিষদৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।