NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁও জিলাৰ বিভিন্ন বিদ্যালয়ত সফলতাৰে সম্পন্ন দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ

Posted by: ইয়াছিন আলী October 10, 2018 1:13 pm
Photo from Yeasin Ali, Kokila _20181010-115312

সোমবাৰৰ পৰা ৰাজ্যৰ ১৬ খন জিলাত আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ। দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ বাবে বঙাইগাঁও জিলাৰ কোকিলা অঞ্চলত এক উছৱ মুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে কোকিলাৰ চাকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়, শৌলমাৰী ৯০১ নং প্ৰাথমিক বিদ্যালয়, নাম্বাৰপাৰা মজলীয়া বিদ্যালয়, নাম্বাৰপাৰা প্ৰি-ছিনিয়ৰ মাদ্ৰাছা, নাম্বাৰপাৰা ৩য় খণ্ড উত্তৰ-পূব এল পি স্কুল, খন্দকাৰ পাৰা প্ৰাথমিক বিদ্যালয়সহ বহু বিদ্যালয়ত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হৈ যায়।

ৰাতিপুৱা প্ৰাৰ্থনা অনুষ্ঠিত কৰাৰ পিছত গুণোৎসৱৰ অংশ হিচাপে লিখিত পৰীক্ষা অনুষ্ঠিত হয়। উল্লেখিত বিদ্যালয় সমুহত নিয়োজিত পৰ্যবেক্ষক সকলে বিদ্যালয় কেইখনৰ কাম-কাজ তথা আয়োজনক লৈ সন্তষ্টি প্ৰকাশ কৰাৰ লগতে শিক্ষক, ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলে সহায় সহযোগিতা আগবঢ়োৱাত প্ৰশংসা কৰে।

গুণোৎসৱে ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক মান উন্নত কৰাৰ লগতে শিক্ষক তথা ছাত্ৰ-ছাত্ৰীসকলৰ শ্ৰেণীকোঠাত উপস্থিতি বহু পৰিমানে বৃদ্ধি তথা নিয়মীয়া কৰা বুলিও সদৰী কৰিছে একাংশ অভিভাৱকে।

মন কৰিবলগীয়া যে স্থানীয় লোকসকলৰ লগতে বিদ্যালয় পৰিচালনা সমিতি, মাতৃগোটে গুণোৎসৱ চলি থকা বিদ্যালয় সমূহত বিশেষ ধৰণে সহায় সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হৈছে।