NORTHEAST NOW (Assamese)
অসম

Covid Update ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হ’ল কোভিডত, মৃত্যু কিমানৰ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 15, 2021 6:47 am
WhatsApp Image 2021-11-05 at 9.11.41 AM

Covid Update দেওবাৰৰ দিনটোতো অসমত কোভিডত আক্ৰান্তৰ হাৰ ১ শতাংশৰ তলতে থকাৰ লগতে সুস্থতাৰ হাৰে যথেষ্ট আশাৰ সঞ্চাৰ কৰা বুলি ক’ব পাৰি।

ৰাজ্যখনত ২৪ ঘন্টাত সৰ্বমুঠ ২০,৩১৮ টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয় আৰু ইয়াৰে ১২৯ গৰাকী ব্যক্তিৰ শৰীৰত কোভিড সংক্ৰমণ ধৰা পৰে।

কামৰূপ মেট্ৰ’ত এই দিনটোত কোভিডত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৫১ গৰাকী। তদুপৰি, এই সময়ছোৱাত শোণিতপুৰত ১৪ গৰাকী, ডিব্ৰুগড়ত ১০গৰাকী আৰু  যোৰহাটত ১০গৰাকী লোক আক্ৰান্ত হৈছে।

ৰাজ্যখনত এতিয়ালৈকে কোভিডত আক্ৰান্তৰ সংখ্যা ৬১৩৯১৩ গৰাকীলৈ বৃদ্ধি পাইছে।

আনহাতে, দেওবাৰে কোভিড সংক্ৰমণৰ হাৰ হৈছে ০.৬৩ শতাংশ।

সেইদৰে ৰাজ্যত ২৪ ঘন্টাত কোভিডত আক্ৰান্ত হৈ দুগৰাকী লোকৰ মৃত্যু হৈছে।

দেওবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈ উঠিছে ২৪৩ গৰাকী লোক।

এই দিনটোত ৰাজ্যত ৰাজ্যত কোভিড ৰোগীৰ সুস্থতাৰ হাৰ হৈছে ৯৮.৫০ শতাংশ।

ৰাজ্যত কোভিডত আক্ৰান্ত হৈ এতিয়াও চিকিৎসাধীন হৈ আছে ১৮০৯ গৰাকী ৰোগী।

ইপিনে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত পুনৰ লকডাউনৰ সম্ভাৱনা নুই কৰি আহিছে।

তদুপৰি, ৰাজ্য চৰকাৰে সকলো কাৰ্যালয়ত কৰ্মচাৰীৰ উপস্থিতি বাধ্যতামূলক কৰিবলৈ ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে।