NORTHEAST NOW (Assamese)
অসম

T20 World Cup অষ্ট্ৰেলিয়াৰ বিশ্বজয়; ক্ৰিকেট অনুৰাগীৰ অন্তৰ জয় কৰিলে নিউজিলেণ্ডে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 15, 2021 7:37 am
Australia champion

T20 World Cup অষ্ট্ৰেলিয়াই ইতিমধ্যে পাঁচবাৰকৈ এদিনীয়া ক্ৰিকেটৰ বিশ্বকাপৰ খিতাপ জয় কৰিছে। কিন্তু টী-২০ বিশ্বকাপ জয়ৰ সপোন আধৰুৱা হৈ ৰৈছিল কেংগাৰু বাহিনীৰ। এইবাৰ সেই আধৰুৱা সপোন পূৰণ কৰিলে এৰন ফিঞ্চ নেতৃত্বাধীন অষ্ট্ৰেলিয়া ক্ৰিকেট টীমে।

ইয়াৰ পূৰ্বে ২০১০চনত টী-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছিল যদিও ইংলেণ্ডৰ হাতত পৰাস্ত হৈছিল।

দেওবাৰে অষ্ট্ৰেলিয়াই ইয়াৰ চিৰ প্ৰতিদ্বন্দ্বী চুবুৰীয়া নিউজিলেণ্ডক ৮উইকেটত পৰাস্ত কৰি বিশ্ব চেম্পিয়নৰ খিতাপ হস্তগত কৰে। টী-২০ বিশ্বকাপৰ নতুন চেম্পিয়ন হ’ল অষ্ট্ৰেলিয়া।

দেওবাৰে টছত জিকি নিউজিলেণ্ডক বেটিং কৰিবলৈ পঠিয়ায় অষ্ট্ৰেলিয়াৰ অধিনায়ক এৰন ফিঞ্চে।

বেটিং কৰিবলৈ নামি ইংলেণ্ডৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শন কৰা ডেৰিল মিচেলে উইকেটত বেছি সময় তিষ্ঠিব নোৱাৰিলে। ব্যক্তিগত মাত্ৰ ১১ৰাণ কৰিয়ে পেভলিয়ানমুখী হয় মিচেল।

তাৰ পাছতে মাৰ্টিন গুপ্টিলৰ সৈতে যুটী বান্ধি কিৱি অধিনায়ক কেন উইলিয়ামছনে নিউজিলেণ্ডৰ ইনিংছ আগবঢ়াই নিবলৈ যত্ন কৰে। তৃতীয় উইকেটৰ যুটীত দুয়োজনে ৪৮ৰাণ যোগ দিয়ে। গুপ্টিল আউট হোৱাৰ পাছতে বিস্ফোৰক হৈ পৰে উইলিয়ামছন।

নিউজিলেণ্ডে নিৰ্দ্ধাৰিত ২০ অভাৰত কৰা ১৭২ ৰাণৰ বাবে ইয়াৰ সম্পূৰ্ণ কৃতিত্ব উইলিয়ামছনৰে বুলি ক’ব পাৰি। ২১ ৰাণত হেজলউডে কেচ পেলাই জীৱন দান দিয়া উইলিয়ামছনে ৮৫ৰাণৰ এক দুৰ্দান্ত ইনিংছ খেলে।

 

ইপিনে, ১৭২ৰাণৰ লক্ষ্য আগত লৈ বেটিং কৰিবলৈ নামি আৰম্ভণিতে অধিনায়ক এৰন ফিঞ্চৰ (৫) উইকেট হেৰুৱাই অষ্ট্ৰেলিয়াই। কিন্তু সেয়া যথেষ্ট নাছিল। ডেভিড ৱাৰ্ণাৰ আৰু মিচেল মাৰ্ছে ৯২ৰাণ যোগ দি অষ্ট্ৰেলিয়াৰ বিজয় পথ মসৃণ কৰি তোলে। মেচত বিজয় আজুৰিবলৈ নিউজিলেণ্ডক উইকেটৰ প্ৰয়োজন আছিল। ট্ৰেন্ট ব’ল্টে ৱাৰ্ণাৰক (৫৩) আউট কৰে যদিও ক্ৰীজত অপৰাজিত থাকি মাৰ্ছ (৭৭) আৰু মেক্সৱেলে (২৮) অষ্ট্ৰেলিয়াৰ বিশ্বজয়ৰ সপোন সহজ কৰি তোলে।

পৰাজিত হ’লেও নিউজিলেণ্ডে সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগীৰ অন্তৰ জয় কৰিবলৈ সক্ষম হয়। ফাইনেলত ভাৰতীয় ক্ৰিকেট অনুৰাগীৰো বিপুল সমৰ্থন লাভ কৰিছিল নিউজিলেণ্ডেই।