NORTHEAST NOW (Assamese)

চীনক গোপন তথ্য যোগান! : নতুন দিল্লীত সাংবাদিকসহ এগৰাকী চীনা মহিলা আৰু নেপালী লোকক গ্ৰেপ্তাৰ

September 19, 2020 6:49 pm · এন ই নাও নিউজ
Updated: September 19, 2020 7:11 pm

শত্ৰু ৰাষ্ট্ৰ চীনক প্ৰতিৰক্ষা সংক্ৰান্তীয় গোপন তথা স্পৰ্শকাতৰ তথ্য যোগানৰ অভিযোগত নতুন দিল্লীত এগৰাকী সাংবাদিকসহ তিনি গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে।

দিল্লী আৰক্ষীৰ বিশেষ শাখাই সাংবাদিক ৰাজীৱ শৰ্মাক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

ইফালে শনিবাৰে ভুৱা সংস্থাৰ জৰিয়তে সাংবাদিক ৰাজীৱ শৰ্মাক মোটা অংকৰ ধন দিয়াৰ অভিযোগত এগৰাকী চীনা মহিলা আৰু এজন নেপালী সহযোগীকো গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীৰ বিশেষ শাখাই।

দিল্লী আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বৰ্ষীয়ান সাংবাদিক ৰাজীৱ শৰ্মাই চীনা চোৰাংচোৱাক ভাৰতৰ নিৰাপত্তা সম্পৰ্কীয় গোপন তথা স্পৰ্শকাতৰ তথ্য যোগান ধৰি আহিছে।

গোপন সূত্ৰে এই খবৰ নিশ্চিত কৰাৰ পিছত যোৱা সোমবাৰে দিল্লী আৰক্ষীৰ বিশেষ শাখাই ফ্ৰীলান্স সাংবাদিক গৰাকীক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছতে মংগলবাৰে সাংবাদিক গৰাকীক আদালত হাজিৰ কৰোৱা হয় আৰু আদালতে তেওঁক ছদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

ইতিমধ্যে আৰক্ষীয়ে সাংবাদিক ৰাজীৱ শৰ্মাৰ লেপটপ, মোবাইল আদিও বাজেয়াপ্ত কৰিছে।

সাংবাদিক গৰাকীৰ মোবাইলৰ কল লিষ্টৰ যোগেদি দিল্লী আৰক্ষীৰ বিশেষ শাখাই আজি চীনা মহিলা গৰাকীৰ সৈতে নেপালী সহযোগী গৰাকীক গ্ৰেপ্তাৰ কৰে।

শনিবাৰে দিল্লী আৰক্ষীয়ে জনাইছে যে সাংবাদিক ৰাজীৱ শৰ্মাই চৰকাৰী গোপনীয় তথ্য চীনা চোৰাংচোৱাক যোগান ধৰি আহিছিল। সেয়ে তেওঁক অফিচিয়েল ছিক্ৰেট এক্ট অৰ্থাৎ চৰকাৰী গোপনীয়তা আইনৰ ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে।

চীনা মহিলা আৰু নেপালী সহযোগী গৰাকীয়ে ভুৱা সংস্থাৰ নামত সাংবাদিক ৰাজীৱ শৰ্মাক মোটা অংকৰ ধনৰ যোগান ধৰিছিল বুলি দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰিছে।

Related News