NORTHEAST NOW (Assamese)

ওড়িশাৰ বিজেপি চৰকাৰৰ আজৱ কাণ্ড! সংবিধানৰ প্ৰস্তাৱনাৰ পৰা অন্তৰ্ধান ‘সমাজবাদী, ধৰ্মনিৰপেক্ষ’ শব্দ

November 28, 2024 11:37 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

সংবিধানৰ প্ৰস্তাৱনাত ‘ধৰ্মনিৰপেক্ষ’ আৰু ‘সমাজবাদী’ শব্দটো আঁতৰাবলৈ বিচৰা পিআইএল উচ্চতম ন্যায়ালয়ে নাকচ কৰাৰ এদিন পাছতে মঙলবাৰে ওড়িশাত বিতৰ্কৰ সৃষ্টি হয় যেতিয়া ৰাজ্যখনৰ বিধানসভাত প্ৰদৰ্শিত প্ৰস্তাৱনাত এই দুটা শব্দ অন্তৰ্ধান হয়।

ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি বিৰোধী বিজু জনতা দল আৰু কংগ্ৰেছৰ বিধায়কসকলে এই বিষয়ত বিধানসভাৰ কাৰ্য্যবিধি ব্যাহত কৰি এই ঘটনাক ‘সংবিধানক অপমান’ বুলি অভিহিত কৰে।

মঙলবাৰৰ পৰা ওড়িশা বিধানসভাৰ শীতকালীন অধিৱেশন আৰম্ভ হোৱাৰ পাছতে বিজেডিৰ জ্যেষ্ঠ নেতা ৰানেন্দ্ৰ প্ৰতাপ শ্বোৱাইনে মৃত সদস্যসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগে লগে বিষয়টো উত্থাপন কৰি অধ্যক্ষৰ পৰা স্পষ্টীকৰণ বিচাৰিলে। ইয়াৰ পিছতে এই বিষয়ত বিজেডি আৰু কংগ্ৰেছৰ বিধায়কসকলে প্ৰতিবাদ সাব্যস্ত কৰে।

সদনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শ্বোৱাইনে কয় যে, ‘সংবিধানৰ প্ৰস্তাৱনাৰ পৰা ‘ধৰ্মনিৰপেক্ষ’ আৰু ‘সমাজবাদী’ শব্দটো আঁতৰাবলৈ বিচৰা পিআইএলক সোমবাৰে উচ্চতম ন্যায়ালয়ে নাকচ কৰে। দুৰ্ভাগ্যজনকভাৱে বিধানসভাত প্ৰদৰ্শিত প্ৰস্তাৱনাত এই দুয়োটা শব্দ নোহোৱা হৈছে… এয়া সংবিধানক কৰা অপমান।’

বিজু জনতা দলৰ বিধায়কসকলে এই ভুল শুধৰণি কৰিবলৈ দাবী জনায়। একে সময়তে কংগ্ৰেছেও এই সুৰত যোগ দিলে আৰু বিধায়িনী দলৰ নেতা ৰামচন্দ্ৰ কদমে এই বিষয়ৰ আঁৰত ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰে।

কদমে কয়, ‘এই দুটা শব্দ এৰাৰ পৰা বুজা যায় যে বিজেপিৰ সংবিধানৰ প্ৰতি কোনো সন্মান নাই।’

কিন্তু বিধানসভাত প্ৰদৰ্শিত প্ৰস্তাৱনাখন সংবিধান বিধানসভাই গ্ৰহণ কৰা প্ৰস্তাৱনাখনৰ প্ৰতিলিপি বুলি বিজেপিয়ে কৈছে।

বিজেপিৰ বিধায়ক ইৰাছিছ আচাৰ্যই কয়, ‘১৯৭৬ চনত ৪২ সংখ্যক সংবিধান সংশোধনীৰ পিছত ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত দুটা শব্দ – সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ – সংযোজন কৰা হ’ল… আমি ভাৰতৰ সংবিধানক অতিশয় সন্মান কৰো আৰু প্ৰস্তাৱনাখনেই সংবিধানৰ আত্মা বুলি মানি লওঁ . কিন্তু বিজেডিয়ে এনে বিষয় উত্থাপন কৰি মানুহক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে।’

বিৰোধী সদস্যৰ হুলস্থুলৰ বাবে কেইবাবাৰো সদনৰ কাৰ্য্যবিধি স্থগিত ৰখা হয়।

উল্লেখ্য যে, বিজেপিৰ নেতাসকলে প্ৰায়ে প্ৰস্তাৱনাত ‘ধৰ্মনিৰপেক্ষ’ শব্দটো আঁতৰোৱাৰ কথা কৈ আহিছে। আদালতে নাকচ কৰা আৱেদন দাখিল কৰিছে বিজেপি নেতা সুব্ৰমণ্য স্বামী, অশ্বিনী কুমাৰ উপাধ্যায় আৰু বলৰাম সিঙে।

Related News