NORTHEAST NOW (Assamese)

অৰুণাচল প্ৰদেশত আলফা স্বাধীনৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীৰ ব্যাপক অভিযান

March 3, 2025 4:21 pm · এন ই নাও নিউজ, গুৱাহাটী

অৰুণাচল প্ৰদেশৰ পূবপ্ৰান্তৰ নামচাই আৰু চাংলাং জিলাত বিয়পি থকা মানভূম সংৰক্ষিত বনাঞ্চলৰ ভিতৰত সশস্ত্ৰ সংগঠন আলফা স্বাধীনৰ  উপস্থিতিৰ বিষয়ে  তথ্য লাভ কৰাৰ পিছতে অসম ৰাইফলছ আৰু অৰুণাচল প্ৰদেশ আৰক্ষীয়ে উগ্ৰপন্থী সংগঠনটোৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰে।

নামছাই আৰক্ষী অধীক্ষক ছাংগাই থিনলেই কয় যে উগ্ৰপন্থীসকলক পলায়ন কৰাত বাধা দিবলৈ নিৰাপত্তা বাহিনীয়ে সংৰক্ষিত বনাঞ্চলত প্ৰৱেশ আৰু প্ৰস্থানৰ পথ অৱৰোধ কৰি ৰাখিছে।

সূত্ৰই জনোৱা মতে, ম্যানমাৰত থকা ঘাটিৰ পৰা এই গোটটোৱে বিধ্বংসী কাৰ্যকলাপ চলাই পুঁজি সংগ্ৰহৰ লক্ষ্যৰে অৰুণাচল প্ৰদেশত অনুপ্ৰৱেশ কৰিছিল। ইয়াৰোপৰি উলফা গোটৱে অবৈধ আফিং খেতিৰ পৰা তেওঁলোকৰ অংশ সংগ্ৰহ কৰা উদ্দেশ্য অছিল বুলিও জানিব পৰা গৈছে।

প্ৰকাশিত তথ্য অনুসৰি  চৌখাম অঞ্চলৰ কমেও ৮ জন ব্যক্তিক আলফা স্বাধীনৰ দ্বাৰা ধন দাবীৰ কৰি পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰৰ জৰিয়তে  ১৫ লাখৰ পৰা ১ কোটি টকালৈকে ধন আদায় দিবলৈ নিৰ্দেশ দিছিল।

Related News