NORTHEAST NOW (Assamese)

ব্ৰীছবেনৰ নাম হ’ব ‘পণ্টনগৰ’! যোগীৰ ফটো শ্বেয়াৰ কৰি কোনে কৰিলে এই কৌতুক?

January 22, 2021 10:05 am · এন ই নাও নিউজ
Updated: January 22, 2021 12:05 pm

ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত টেষ্ট শৃংখলাৰ অন্তিম মেচৰ অন্তিম দিনা ব্ৰীছবেনত ঋষভ পণ্টে যিটো ইনিংছ খেলিছিল সেই ইনিংছটো ভাৰতীয় ক্ৰিকেট ইতিহাসত সোণালী আখৰৰে লিখা থাকিব।

কেৱল ব্ৰীছবেনতে নহয় ছিডনীত অনুষ্ঠিত শৃংখলাৰ তৃতীয়খন মেচৰো অন্তিম দিনা পণ্টে ৯৭ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলি ভাৰতীয় দলক জয়ৰ কাষলৈ লৈ গৈছিল। কিন্তু শেষত মেচখন ড্ৰ ৰূপে সমাপ্ত হৈছিল।

অষ্ট্ৰেলিয়া ভ্ৰমণত সাহকিতাৰ পৰিচয় দাঙি ধৰি উল্লেখণীয় ইনিংছেৰে ভাৰতক ঐতিহাসিক বিজয়ী কৰোৱাত ব্ৰীছবেনক ‘পণ্টনগৰ’ নামেৰে নামকৰণ কৰিব লাগে বুলি প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ সেহৱাগে ৰসিকতাৰ চলেৰে মন্তব্য কৰে।

ব্ৰীছবেনত ঐতিহাসিক বিজয়ৰ পিছত সেহৱাগে উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্য নাথৰ এখন ফটো টুইটাৰত শ্বেয়াৰ কৰিছিল।

‘আজিৰ পৰা ব্ৰীছবেনৰ নাম পণ্টনগৰ’ বুলি কেপশ্যন লিখি ফটোখন শ্বেয়াৰ কৰিছিল।

উল্লেখ্য যে, মুখ্য মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পিছতেই যোগী আদিত্যনাথে উত্তৰ প্ৰদেশৰ মুগলচৰাই আৰু এলাহাবাদ চহৰ দুখনৰ নাম সলনি কৰিছিল।

মুগলচৰাইৰ নাম পণ্ডিত দীনদয়াল উপাধ্যায় নগৰ আৰু এলাহাবাদৰ নাম প্ৰয়াগৰাজ নামেৰে নামকৰণ কৰিছিল।

Related News