NORTHEAST NOW (Assamese)

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত ‘কৰ্প’ৰেট জগতত মহিলাৰ সিদ্ধান্ত গ্ৰহণৰ ভূমিকা’ শীৰ্ষক আলোচনা চক্ৰ

November 30, 2023 7:23 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 30, 2023 7:26 pm

ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সৌজন্যত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উদ্যোগত আজি বিশ্ববিদ্যালয়খনৰ খানাপাৰাস্থিত চৌহদত অনুষ্ঠিত হয় ‘কৰ্প’ৰেট জগতত মহিলাৰ সিদ্ধান্ত গ্ৰহণৰ ভূমিকা’ শীৰ্ষক এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ।

বিশ্ববিদ্যালয়খনৰ প্ৰেক্ষাগৃহত আয়োজিত আলোচনা চক্ৰখনৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।

উদ্বোধনী অনুষ্ঠানত নেডফিৰ সঞ্চালক নন্দিতা হাজৰিকাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত হাজৰিকাই বিভিন্ন ন্যায়িক তথা প্ৰশাসনিক ব্যৱস্থাৰ উপস্থিতি স্বত্বেও ভাৰতবৰ্ষত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত পৰিলক্ষিত হোৱা বৈষম্যৰ বিষয়ে পৰিসংখ্যা সহকাৰে উল্লেখ কৰে।

অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ৰাজেন্দ্ৰ প্ৰসাদ দাস, ভাৰপ্ৰাপ্ত পঞ্জীয়ক অধ্যাপক প্ৰানজিৎ বৰাকে ধৰি বিভিন্ন বিভাগৰ ডীন, অধ্যাপক-অধ্যাপিকাৰ লগতে বহু সংখ্যক গৱেষকে অংশগ্ৰহণ কৰে।

আলোচনা চক্ৰৰ অংশ হিচাপে দিনজোৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায় তেজপুৰ বিশ্ববিদ্যালয়ৰ ব্যৱস্থাপনা সত্ৰৰ প্ৰাক্তন ডীন অধ্যাপক চন্দনা গোস্বামী, ডিব্ৰুগড়ৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাপৰি চেতিয়াই।

লগতে এন ই ই পি চি ৰ সঞ্চালক বৈদ্যনাথ মহাৰানা আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ব্যৱস্থাপনা বিভাগৰ ডীন অধ্যাপক নৃপেন্দ্ৰ নাথ শৰ্মাকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে নিৰ্দ্ধাৰিত বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰে।

Related News