NORTHEAST NOW (Assamese)
অসম

কোভিড-১৯ত আক্ৰান্ত কংগ্ৰেছ নেতা আহমেদ পেটেলক ICUত ভৰ্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 16, 2020 6:58 am
WhatsApp Image 2020-11-16 at 6.50.28 AM

কোভিড-১৯ত আক্ৰান্ত জ্যেষ্ঠ কংগ্ৰেছ নেতা আহমেদ পেটেলক সংকটজনক অৱস্থাত গুৰগাঁৱৰ মেদান্ত হাস্পাতলৰ আইচিয়ুত ভৰ্তি কৰা হৈছে। যোৱা ১অক্টোবৰতে তেওঁ কৰ’নাত আক্ৰান্ত হৈছিল।

আহমেদ পেটেলৰ পুত্ৰ ফয়ছলে টুইটাৰত জানিবলৈ দিয়ে যে ৭১বৰ্ষীয় কংগ্ৰেছ নেতাগৰাকী বৰ্তমান আইচিয়ুত আছে। বৰ্তমান তেওঁৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ আৰু চিকিৎসকৰ নিৰীক্ষণত আছে।

যোৱা ১ অক্টোবৰত কৰ’নাত আক্ৰান্ত হোৱাৰ কথা টুইটাৰত জনাইছিল জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা ৰাজ্যসভাৰ সাংসদ আহমেদ পেটেলে।

আক্ৰান্ত হোৱাৰ ৪৫দিনৰ পাছতো সুস্থ কংগ্ৰেছ নেতাগৰাকী সুস্থ হৈ নুঠাত চিন্তা বৃদ্ধি পাইছে।

আহমেদ পেটেলৰ এনে সংকটজনক অৱস্থাৰ কথা জানিব পাৰি তেওঁৰ আশু আৰোগ্য কামনা কৰি বিভিন্ন জ্যেষ্ঠ কংগ্ৰেছ নেতাই টুইট কৰিছে।

সুদীৰ্ঘ দিন ধৰি গান্ধী পৰিয়ালৰ অতি ঘনিষ্ঠ নেতা আহমেদ পেটেলৰ দলৰ বাহিৰতো বহু অনুৰাগী আছে।

ৰাষ্ট্ৰীয় ৰাজনীতিত অতি পৰিচিত ৰাজনীতিক আহমেদ পেটেলৰ সুস্থতাৰ কামনা কৰিছে ৰাজনৈতিক মহলৰ বিভিন্ন নেতা-কৰ্মীয়ে।