NORTHEAST NOW (Assamese)

সু-লেখক, ৰাজ্যখনৰ জ্যেষ্ঠ সাংবাদিক আয়ুষ্মান দত্তৰ বিয়োগ; গুৱাহাটী প্ৰেছ ক্লাবৰ শোক প্ৰকাশ

April 27, 2021 7:33 am · এন ই নাও নিউজ

কোভিড -১৯ৰ বিৰুদ্ধে অৱশেষত হাৰ মানিলে জ্যেষ্ঠ সাংবাদিক তথা ৰাজ্যখনৰ অন্যতম সু-লেখক আয়ুষ্মান দত্তই।

সোমবাৰে সন্ধিয়া কোভিড-১৯ত আক্ৰান্ত জ্যেষ্ঠ সাংবাদিকগৰাকীৰ পৰলোকপ্ৰাপ্তি ঘটে। সাংবাদিকগৰাকী গুৱাহাটীৰ হায়াট হাস্পাতালত চিকিৎসাধীন হৈ আছিল।

জ্যেষ্ঠ সাংবাদিকগৰাকীৰ চিকিৎসাৰ বাবে প্লাজমাৰ প্ৰয়োজন হৈছিল যদিও পৰিয়াল তথা বন্ধুবৰ্গই চেষ্টা কৰিও সময়মতে প্লাজমা যোগাৰ কৰিব নোৱাৰিলে।

তদুপৰি, আয়ুষ্মান দত্তৰ পৰিয়াল তথা বন্ধুবৰ্গই  Tocilizumab নামৰ ইনজেকশ্যনটো যোগাৰ কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছিল।

কিন্তু ইনজেকশ্যনটো গুৱাহাটীত উপলব্ধ নাছিল। দত্তক ভেন্টিলেটৰ ছাপোৰ্টত ৰখা হৈছিল।

আয়ুষ্মান দত্ত দ্য ছেন্টিনেল কাকতৰ Melange ৰ সম্পাদক আছিল। তেওঁ উত্তৰ-পূব ভাৰতৰ লোক পৰম্পৰা-সংস্কৃতিৰ এগৰাকী বিশেষজ্ঞ আছিল।

গুৱাহাটী ইন্টাৰনেশ্যনেল মিউজিক ফেষ্টিভেলৰো তেওঁ প্ৰতিষ্ঠাপক তথা বাটকটীয়া আছিল। আয়ুষ্মান দত্তই উত্তৰ-পূৰ্বাঞ্চলৰ লোক পৰম্পৰা তথা জীৱন আৰু সংস্কৃতিৰ ওপৰত কেইবাখনো তথ্যচিত্ৰ পৰিচলনা কৰিছিল।

তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ সংগীত, নৃত্য আৰু সংস্কৃতিৰ বিষয়ে এখন গ্ৰন্থ লিখাৰ উপৰি হৰ্ণবিল ফেষ্টিভেল আৰু উত্তৰ-পূৰ্বাঞ্চলৰ খাদ্য সংস্কৃতি সম্পৰ্কেও গ্ৰন্থ ৰচনা লিখি গৈছে।

সাংবাদিকতাৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰা সাংবাদিকজনৰ এই অকাল মৃত্যুত গুৱাহাটী প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জনাইছে।

এক শোক বাৰ্তাত গুৱাহাটী প্ৰেছ ক্লাৱে কয়, ‘’সাংবাদিকতা, সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰত সদ্য প্ৰয়াত আয়ুষ্মান দত্তই আগবঢ়োৱা অৱদান অতুলনীয়। দত্তৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে তেওঁৰ সৃষ্টিৰাজি সংৰক্ষণৰ আহ্বান জনালোঁ।‘’

Related News