NORTHEAST NOW (Assamese)

দুধনৈত চাঞ্চল্যকৰ হত্যাকাণ্ড: ৰাজপথতে মহিলাক ডিঙি কাটি হত্যা

February 20, 2022 8:57 pm · নীলমণি শৰ্মা, কৃষ্ণাই

দুধনৈৰ দামৰা বজাৰত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে৷ ৰাজপথতে এগৰাকী মহিলাক দাৰে ডিঙি কাটি হত্যা কৰা হৈছে৷

মৃত মহিলা গৰাকীৰ নাম থেংচিলা আৰ মাৰাক বুলি জানিব পৰা গৈছে। হত্যাকাৰী ব্ৰিলিয়ান চাংমাক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে৷

মৃত মহিলা গৰাকী হত্যাকাৰী ব্ৰিলিয়ান চাংমাৰ প্ৰাক্তন পত্নী৷ দুয়ো বিবাহ পাশত আৱদ্ধ হৈছিল যদিও দুয়োৰে মাজত বিবাহ বিচ্ছেদ হৈছে।

মৃত মহিলা গৰাকী দামৰাৰ আপাৰ নিচানগ্ৰামত আজি বিয়লি বজাৰ কৰিবলৈ আহিছিল।

বজাৰ কৰি ঘৰলৈ গৈ থকাৰ সময়তে ব্ৰিলিয়ান চাংমাই দাৰে ঘপিয়াই ৰাজপথতে হত্যা কৰে মহিলা গৰাকীক।

ইফালে ৰাইজ আৰু আৰক্ষীয়ে হত্যাকাৰীক খেদি খেদি কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

হত্যাকাৰী জনক ৰাইজৰ হাতত গোটাই দিবলৈ আৰক্ষীক দাবী জনাই ঘটনাস্থলীৰ পৰা মৃতদেহ অনাত বাধা প্ৰদান কৰে ৰাইজে৷

পৰিস্থিতি যথেষ্ট উপ্তত্ত হৈ পৰে আৰু একাংশ লোকে আনকি আৰক্ষীকো আক্ৰমণ কৰিবলৈ উদ্যত হৈ পৰে৷

পৰিস্থিতিয়ে গুৰুতৰ ৰূপ লোৱাৰ পিছতে ঘটনাস্থলীত অৰ্ধসামৰিক বাহিনী মোতায়ন কৰা হয়।

শেষত মৃতদেহটো দুধনৈ আৰক্ষী থানালৈ লৈ আনে যদিও ক্ষুদ্ধ ৰাইজে দামৰা আৰক্ষী চকীৰ সমুখত পুনৰ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে৷

Related News