NORTHEAST NOW (Assamese)

নিম্নগামী শ্বেয়াৰ বজাৰ! ছেনচেক্সত ১৪০০ পইণ্টৰ পতন

February 28, 2025 9:00 pm ·
Updated: February 28, 2025 9:15 pm

নিম্নগামী হৈছে শ্বেয়াৰ বজাৰ । শুকুৰবাৰে এছ এণ্ড পি বি এছ ই চেন্সেক্স আৰু নিফ্টি ৫০ দুয়োটাৰে মূল্য প্ৰায় ২% কৈ হ্ৰাস পাইছে, চেন্সেক্স ১৪০০ পইণ্টৰ ওপৰত আৰু নিফটি ২২,১৫০ পইণ্টৰ তললৈ নামিছে।

বিশ্ব বাণিজ্য যুদ্ধৰ আশংকা আৰু বিদেশী বিনিয়োগকাৰীৰ বিক্ৰী অব্যাহত  থকাৰ বাবে  শ্বেয়াৰ বজাৰত বিপৰ্যয়ৰ সূচনা হয়। ইয়াৰ ফলত বজাৰ মূল্যত প্ৰায় ৯ লাখ কোটি টকা লোকচান হয়  সেয়ে বিএছই তালিকাভুক্ত কোম্পানীসমূহৰ মুঠ বজাৰ মূল্য ৩৮৪.২২ লাখ কোটি টকালৈ বৃদ্ধি পায়।

নিফটি একেৰাহে পঞ্চমবাৰৰ বাবে মাহেকীয়া লোকচানৰ সন্মুখীন হোৱাত, বিগত ২৯ বছৰৰ ভিতৰত সৰ্বাধিক লোকচানৰ ধাৰাবাহিকতা দেখিবলৈ পোৱা গৈছে। ইয়াৰ ফলত আই টিৰ ষ্টকতো যথেষ্ট প্ৰভাৱ পৰিছিল।

আমেৰিকাৰ এনভিডিয়াৰ ষ্টকৰ তীব্ৰ হ্ৰাসৰ পিছত নিফ্টি আই টিতো ৬.৫% হ্ৰাস পাইছিল। ইয়াৰোপৰি অটো, বেংকিং, মেটাল, ফাৰ্মাকে ধৰি অন্যান্য খণ্ডতো যথেষ্ট লোকচান দেখিবলৈ পোৱা গৈছে।

জিঅ’জিট ফাইনেন্সিয়েল চাৰ্ভিচেছৰ বিনোদ নায়াৰে বজাৰ হ্ৰাসৰ বাবে কানাডা, মেক্সিকো আৰু চীনৰ পৰা আমেৰিকাৰ আমদানিৰ ওপৰত শুল্ক লোৱাৰ লগতে ইউৰোপীযান ইউনিয়নৰ পৰা সম্ভাৱ্য শুল্কৰ আশংকাও জগৰীয়া বুলি উল্লেখ কৰে। নিফটিৰ অৱনতিৰ সৈতে বিশ্বৰ দুৰ্বল অৰ্থনীতিৰ ইংগিত বহন কৰিছে যদিও বিনিয়োগকাৰীসকলে এতিয়া ভাৰতৰ অৰ্থনৈতিক পুনৰুদ্ধাৰৰ বাবে আগন্তুক তৃতীয় ত্ৰৈমাসিকৰ জিডিপি তথ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

Related News