NORTHEAST NOW (Assamese)

কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন সম্পৰ্কে ডিমাপুৰত সজাগতা সভা আয়োজন 

March 24, 2025 9:00 pm · ভদ্ৰ গগৈ
Updated: March 24, 2025 8:29 pm

সোমবাৰে ডিমাপুৰৰ উপ আয়ুক্তৰ কাৰ্যালয়ত কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন (প্ৰতিৰোধ, নিষেধাজ্ঞা আৰু প্ৰতিকাৰ) আইন, ২০১৩ ৰূপায়ণৰ সন্দৰ্ভত আলোচনাৰ বাবে এক বিশেষ সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হয়।

অনুষ্ঠানটোৰ সভাপতিত্ব কৰি ডিমাপুৰৰ অতিৰিক্ত সহকাৰী আয়ুক্ত লিটচেন্টুং কিকনে স্বীকাৰ কৰে যে কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতনৰ গোচৰবোৰ নগা সমাজত প্ৰায়ে অসুবিধা আৰু সজাগতাৰ অভাৱৰ বাবে ৰিপৰ্ট নোহোৱাকৈয়ে থাকে। অৱশ্যে এই আইনখন জিলা পৰ্যায়ত কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি হৈছে বুলিও তেওঁ উল্লেখ কৰে।

সহকাৰী আয়ুক্তগৰাকীয়ে লগতে কয় যে কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতনৰ ঘটনাসমূহ নিৰীক্ষণ আৰু সমাধানৰ বাবে আভ্যন্তৰীণ অভিযোগ সমিতি (আই চি চি) গঠন কৰিবলৈ আহ্বান জনাই বিভিন্ন বিভাগলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে।

তেওঁ স্পষ্ট কৰি দিয়ে যে আইচিচিৰ সভানেত্ৰীগৰাকী মহিলা হ’ব লাগে, আৰু ইয়াত অতিৰিক্ত তিনিজন সদস্য থাকিব লাগে, যাৰ ভিতৰত কমেও আধা সংখ্যক মহিলা হ’ব লাগে। তেওঁ  লগতে কয় যে সমিতিৰ সদস্যসকলে মনোনয়ন লাভ কৰাৰ তাৰিখৰ পৰা তিনি বছৰৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব।

সহকাৰী আয়ুক্তগৰাকীয়ে  আৰু কয় যে যদিও ২০১৩ চনত এই আইনখন গৃহীত হৈছিল, তথাপিও অঞ্চলটোত ইয়াৰ কাৰ্যকৰীকৰণ এতিয়াও প্ৰাৰম্ভিক পৰ্যায়ত আছে।

এই বিষয়ত ভাষণ প্ৰদান কৰি  ডিমাপুৰৰ শিশু কল্যাণ সমিতিৰ অধ্যক্ষ ম’নলা য়াডেন, ডিমাপুৰৰ চিটি ল’ কলেজৰ প্ৰবক্তা এলিজাবেথ হামটছ’ আৰু চাইল্ড হেল্পলাইনৰ প্ৰকল্প সমন্বয়ক আলোমি ছুমিয়ে জোৰ দি কয় যে বহু মহিলাই এই আইনখনৰ অধীনত নিজৰ অধিকাৰৰ বিষয়ে অজ্ঞাত। যেতিয়ালৈকে তেওঁলোকৰ অধিকাৰৰ বিষয়ে জ্ঞান নিদিওঁ, তেতিয়ালৈকে তেওঁলোকে ন্যায় বিচাৰিব নাজেনে বুলি উল্লেখ কৰে।

মহিলাসকলৰ বাবে নিৰাপদ আৰু সন্মানজনক কৰ্ম পৰিৱেশ নিশ্চিত কৰিবলৈ কৰ্মক্ষেত্ৰত মহিলাৰ যৌন নিৰ্যাতন (প্ৰতিৰোধ, নিষেধাজ্ঞা আৰু প্ৰতিকাৰ) আইন, ২০১৩ সম্পৰ্কে অধিক সজাগতা আৰু শিক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

Related News