NORTHEAST NOW (Assamese)
অসম

শোভৰাজক ফ্ৰান্সলৈ প্ৰেৰণ কৰিলে নেপালে; ‘চিৰিয়েল কিলাৰ’ৰ ওপৰত ১০ বছৰৰ নিষেধাজ্ঞা

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী December 24, 2022 9:28 am

প্ৰায় দুটা দশকৰ পিছত নেপাল প্ৰশাসনে কাৰাগাৰৰ পৰা মুকলি হোৱা ‘চিৰিয়েল কিলাৰ’ চাৰ্লছ শোভৰাজক তেওঁৰ গৃহ দেশ ফ্ৰান্সলৈ পঠিয়ালে। ইতিমধ্যে শ্বেৰ বাহাদুৰ দেউবা প্ৰশাসনে তেওঁক পৰৱৰ্তী ১০ বছৰৰ বাবে নেপালত প্ৰৱেশ কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে।

শোভৰাজক নেপালৰ গৃহ মন্ত্ৰালয়ৰ বিষয়াসকলে শুকুৰবাৰে কাঠমাণ্ডু বিমানবন্দৰৰ পৰা দোহা হৈ পেৰিছলৈ যোৱা বিমানত তুলই দিয়ে। শনিবাৰে তেওঁ পেৰিছত অৱতৰণ কৰাৰ কথা।

লগতে পঢ়ক: দেশৰ প্ৰথম মুছলমান মহিলা যুঁজাৰু পাইলট হিচাপে ইতিহাস গঢ়িবলৈ আগবাঢ়িছে ছানিয়া মিৰ্জা!

নেপালৰ সৰ্বোচ্চ ন্যায়ালয়ে ১৯৭০ ৰ দশকত একাধিক হত্যা, ধৰ্ষণ আৰু ডকাইতিৰ বাবে দোষী সাব্যস্ত শোভৰাজৰ মুক্তিৰ আবেদনৰ সঁহাৰি দিছিল। শীৰ্ষ ন্যায়ালয়ৰ মতে ৭৮ বছৰীয়া অপৰাধীজনক স্বাস্থ্যজনিত কাৰণত আৰু লগতে কাৰাগাৰত থাকোতে তেওঁৰ ভাল আচৰণৰ বাবে মুক্তি দিয়া হৈছে।

শোভৰাজক বুধবাৰে কাঠমাণ্ডুৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছিল।ঘৰলৈ উভতি যোৱাৰ সময়ত শোভৰাজে দাবী কৰে যে তেওঁক অন্যায়ভাৱে “চিৰিয়েল কিলাৰ” বুলি কোৱা হৈছে।

শুকুৰবাৰে তেওঁ সংবাদ মাধ্যমৰ আগত কয়, “আৰু বহুত কৰিব লগা আছে। বহুতৰ বিৰুদ্ধে গোচৰ তৰিব লাগিব। নেপাল চৰকাৰৰ বিৰুদ্ধে আইনী যুঁজত যাম।‘’

ইপিনে, নেপালৰ গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব তথা মুখপাত্ৰ ফনিন্দ্ৰ মণি পোখৰেলে স্থানীয় সংবাদ মাধ্যমক জনায় দেশখনৰ গৃহ মন্ত্ৰালয়ে পৰৱৰ্তী এক দশকৰ বাবে শোভৰাজৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে।