NORTHEAST NOW (Assamese)

গুৱাহাটীত উপস্থিত ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ ৭জন খেলুৱৈ

October 15, 2018 9:25 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

২১ অক্টোবৰত বৰ্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মেচ। মেচখনত ঘৰুৱা দল ভাৰতৰ বিপক্ষে মুখামুখি হ’ব ৱেষ্ট ইণ্ডিজ। আৰু সেই উদ্দেশ্যেই আজি গুৱাহাটীত উপস্থিত হৈছে ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ ৭গৰাকী খেলুৱৈ।

হায়দৰাবাদৰ পৰা বিশেষ বিমানেৰে গুৱাহাটীত উপস্থিত হোৱা ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলটোৰ সদস্য কেইগৰাকী হ’ল এছলে নাৰ্ছ, মাৰ্লন ছেমুৱেলছ, চন্দৰপল হেমৰাজ, এভিন লিউছ, ফেবিয়ান এলেন, ওছানে থমাছ আৰু ৰ’ভমান পাৱেল।

ইফালে জানিব পৰা মতে ৱেষ্ট ইণ্ডিজ দলৰ বাকী কেইজন সদস্যৰ লগতে ভাৰতীয় ক্ৰিকেট দলটো অহা ১৭ অক্টোবৰত গুৱাহাটীত উপস্থিত হ’ব।

গুৱাহাটীৰ মেচখনৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। তদুপৰি, দুয়োটা দলৰ খেলুৱৈসকলৰ বাবে জেড পৰ্যায়ৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে।

উল্লেখযোগ্য যে ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া শৃংখলাটোৰ প্ৰথমখন মেচ অহা ২১ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। আৰু এই মেচখনৰ বাবে অসম ক্ৰিকেট সন্থা সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে।

Related News