NORTHEAST NOW (Assamese)
অসম

অসমত আৰু সাত ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ১৮২লৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 15, 2020 10:25 pm
Covid death toll in Assam reaches 930

আৰু সাতগৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে আৰু শনিবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ১৮২লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— বঙাইগাঁৱৰ সৰিতা দেৱী জৈন (৫০), দৰঙৰ আব্দুল ৱাদুদ (৫৮), কৰিমগঞ্জৰ হিমাংশু ৰঞ্জন দাস (৫৫), হাইলাকান্দিৰ ফয়াজ আহমেদ লস্কৰ (৬৬), ডিব্ৰুগড়ৰ নিৰ্মল তামুলী (৭২) আৰু মৃদুল খনিকৰ (৫৪) আৰু নগাঁৱৰ ভাৰতী হাজৰিকা (৬৫)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত শুকুৰবাৰলৈকে ১৭৫গৰাকী ব্যক্তিয়ে ক’ভিডত প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে অসমত শুকুৰবাৰলৈকে ৫১,৬৯৩গৰাকী ব্যক্তি ক’ভিডৰ পৰা আৰোগ্য হৈছে।

অসমত শুকুৰবাৰলৈকে সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা আছিল ২২,৬৩০ (।)

অসমত শুকুৰবাৰলৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৭৪,৫০১ (।)

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।