NORTHEAST NOW (Assamese)
অসম

Covid Update অ’মিক্ৰণৰ শংকা! ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হ’ল কোভিডত? কিমানৰ মৃত্যু?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 28, 2021 7:07 am
12d6c1fb-dbaf-4677-909e-2bb4948902d3_1920x1080

ৰাজ্যত কোভিড পজিটিভিটিৰ হাৰ নিম্নগামী হৈয়েই আছে সুস্থতাৰ হাৰ বৃদ্ধি পাইছে যদিও অ’মিক্ৰণৰ সংক্ৰমণক লৈ অসমতো আশংকাৰ সৃষ্টি হৈছে।  

সোমবাৰৰ দিনটোত ৰাজ্যখনত কোভিডত কোনো ২জন লোকে প্ৰাণ হেৰুৱাইছে।

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ১০৩গৰাকী লোক। দেওবাৰে ৰাজ্যত মুঠ ৫৩গৰাকী লোক আক্ৰান্ত হৈছিল।

সোমবাৰৰ দিনটোত ৩৩,১২৯ টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয়।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ৫১ গৰাকী লোক।

Also Read:হোৱাটছ এপ গ্ৰুপত সদস্যই আপত্তিজনক পোষ্ট দিলে দায়ী হ’ব নেকি এডমিন? কি ক’লে ন্যায়ালয়ে?

কোভিড পজিটিভিটিৰ হাৰ হৈছে ০.৩১ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৮.৬৭ শতাংশ।

ইপিনে দেশত কোভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়ত অসমত এতিয়ালৈ কোনো ’মিক্ৰণ আক্ৰান্ত হোৱা নাই।

কিন্তু সোমবাৰে উত্তৰ-পূৰ্বাঞ্চলৰে অসমৰ চুবুৰীয়া ৰাজ্য মণিপুৰত চিনাক্ত হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী অমিক্ৰ আক্ৰান্ত ৰোগী।

জানিব পৰা মতে অমিক্ৰত আক্ৰান্ত ৰোগীগৰাকীক ইম্ফলৰ পৰম্পেটত থকা জৱহৰলাল নেহৰু ইনষ্টিটিউট অ মেডিকেল ছায়েন্সত ভৰ্তি কৰোৱা হৈছে।

অমিক্ৰত আক্ৰান্ত লোকজনৰ বয়স ৪৮ বছৰ আৰু তেওঁ কিছুদিন পূৰ্বে তাঞ্জানিয়াৰ পৰা আহিছিল।

মণিপুৰৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত সঞ্চালক খৈৰম ছছবিকুমাৰে প্ৰকাশ কৰা মতে অমিক্ৰনত আক্ৰান্ত লোক জনৰ পৰিয়ালৰ আন তিনি জন লোকো কোভিডত আক্ৰান্ত হৈছে যদিও তেওঁলোক অ’মিক্ৰণত আক্ৰান্ত হোৱাটো নিশ্চিত হোৱা নাই।

Also Read:নীতি আয়োগৰ চতুৰ্থ স্বাস্থ্য সূচকাংৰ শীৰ্ষত কেৰালা, অন্তিম স্থানত উত্তৰ প্ৰদেশ

 ইপিনে, অসমত স্বাস্থ্যবিভাগে ৰাজ্যত নতুন SOPঘোষণা কৰিছে। সেই অনুসৰি, দেওবাৰৰ পৰা নিশা ১১-৩০ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন বলবৎ আছে

নিশা ১০-৩০ বজাৰ পৰা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ কৰা হৈছেঅৱশ্যে ৩১’ ডিচেম্বৰৰ দিনটো ৰেহাই দিয়া হৈছে।

সেইদৰে.হোটেল, ধাবা সমূহ নিশা দহ বজাৰ পাছত বন্ধ কৰা হৈছে। ৫০% দৰ্শকেৰে চিনেমা হল চলিবলৈ দিয়া হৈছে

Also Read:উত্তৰ-পূৰ্বাঞ্চল আহি পালে অমিক্ৰন,মণিপুৰত চিনাক্ত প্ৰথমগৰাকী ৰোগী

বিশেষজ্ঞসকলে কোভিডৰ তৃতীয় লহৰৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণক কোভিড বিধিসমূহ মানি চলিবলৈ আহ্বান জনাই আহিছে।