NORTHEAST NOW (Assamese)

অসমত তিনিশৰ দিশে ক’ভিডত মৃতকৰ সংখ্যা

August 30, 2020 9:24 pm · এন ই নাও নিউজ

আৰু সাতগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, দেওবাৰলৈকে মৃতকৰ সংখ্যা ২৯৬লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে—গোলাঘাটৰ বিদ্যাদীপ ভূঞা (৪৮) আৰু কিৰণ বৰা (৫০), কামৰূপ মহানগৰৰ নিপজ্যোতি বৰুৱা (৪৮) আৰু চহৰাবুদ্দিন আহমেদ (৭০), চিৰাঙৰ ৰমীলা সূত্ৰধৰ (৪৫) আৰু শচীন চন্দ্ৰ ব্ৰহ্ম (৫৮) আৰু কাছাৰৰ ভাস্কৰ বিজয় গুপ্তা (৫০)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

শনিবাৰলৈকে অসমত ২৮৯গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ৮২,৫১০গৰাকী ব্যক্তিয়ে শনিবাৰলৈকে ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

অসমত শনিবাৰে সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা আছিল ২০,৯৯২ (।)

অসমত শনিবাৰলৈকে চিনাক্ত মুঠ ক’ভিড পজিটিভ ব্যক্তিৰ সংখ্যা হৈছে ১,০৩,৭৯৪ (।)

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News