NORTHEAST NOW (Assamese)
অসম

অসমত আৰু সাত ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ১৮৯লৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 16, 2020 8:48 pm
12 more Covid19 patients die in Assam on Saturday

আৰু সাতগৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে আৰু দেওবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ১৮৯লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— শিৱসাগৰৰ মুহিবুদ্দিন আহমেদ (৬৩), কাছাৰৰ আশুতোষ দে (৭২), বাক্সাৰ হালা ৰামচিয়াৰী (৪৯), দৰঙৰ দিলীপ ভাগৱতী (৫৩), ডিব্ৰুগড়ৰ প্ৰদীপ ৰাম সিং ৰাজুৱাৰ (৫৩) আৰু ভূপেন্দ্ৰ গুপ্তা (৩২) আৰু কোকৰাঝাৰৰ তৰুণ ব্ৰহ্ম (৫৫)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

শনিবাৰলৈকে অসমত ১৮২গৰাকী লোকে ক’ভিডত প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ৫৩,২৮৬গৰাকী লোকে শনিবাৰলৈকে অসমত ক’ভিডৰ পৰা আৰোগ্য লাভ কৰি চিকিৎসালয় এৰিছে।

অসমত শনিবাৰে সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ২২,০৮৭ (।)

অসমত শনিবাৰলৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা আছিল ৭৫,৫৫৮ (।)

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।