NORTHEAST NOW (Assamese)

মহানগৰীত চিলিণ্ডাৰ বিস্ফোৰণ ঘটি হোৱা বিধ্বংসী অগ্নিকাণ্ডত দুটি শিশুকে ধৰি ৭জন আহত

July 23, 2022 2:29 pm · এন ই নাও নিউজ, গুৱাহাটী
প্রতিনিধিত্বমূলক ফটো।

মহানগৰীৰ ৰিহাবাৰীৰ বিলপাৰত সংঘটিত হৈছে এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতেই এই  ভয়ংকৰ অগ্নিকাণ্ড ঘটা বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডত দুটি শিশুসহ প্ৰায় সাতজন লোক অগ্নিদগ্ধ হয়।

ঘটনাৰ খবৰ পোৱাৰ পিছতে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হৈ অগ্নিনিৰ্বাপন কৰাৰ চেষ্টা কৰাৰ লগতে আৱদ্ধসকলৰ উদ্ধাৰ অভিযান চলায়।

আঘাতপ্ৰাপ্ত লোকসকলক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাত তেওঁলোক চিকিৎসাধীন হৈ আছে।

আহতসকলক সোমা দাস (৫৩), শংকৰ মল্লিক (৫৬), মুকুল মনি দাস (৫৪), সঞ্জয় কাৰ (৪৬), মনজিৎ কৰ (১০), অমৰজিৎ দাস (১৫) আৰু সঞ্জয় মালাকাৰ (৪৩) বুলি চিনাক্ত কৰা হৈছে।

জিএমচিএইচৰ চিকিৎসকসকলে জানিবলৈ দিয়ে যে মনজিৎ কৰ আৰু অমৰজিৎ দাস নামৰ শিশু দুটি অধিক পৰিমানে অগ্নিদগ্ধ হৈছে।

Related News