NORTHEAST NOW (Assamese)

ছবছৰ ধৰি ভাৰতত কাৰাবন্দী হৈ থকা সাতজন ৰহিংগিয়াক আজি মোৰেহ হৈ ম্যানমাৰলৈ প্ৰত্যৰ্পণ

October 3, 2018 10:31 am · অপৰ্ণা লস্কৰ
Updated: October 4, 2018 10:57 am
ফটো : নৰ্থ-ইষ্ট নাও

২০১২ চনৰ পৰা শিলচৰ চেণ্ট্ৰেল জেইলত কাৰাবন্দী হৈ থকা সাতগৰাকী ৰহিংগিয়াক আজি শিলচৰৰ পৰা ম্যানমাৰলৈ প্ৰত্যৰ্পণ কৰা হ’ব। বহু বছৰীয়া জল্পনা-কল্পনাৰ অন্ত পেলাই ৰাতিপুৱা ৬.৩০ বজাতে লোক কেইজনক ম্যানমাৰলৈ উভতাই পঠিওৱাৰ উদ্দেশ্যে মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তৰ মোৰেহ অঞ্চললৈ লৈ যোৱা হৈছে।

উল্লেখ্য যে ২০১২ চনতে এই ম্যানমাৰী লোক কেইজনে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি শিলচৰৰ নাগাটিলা অঞ্চলত বসবাস কৰিব লৈছিল। কিন্তু তেওঁলোকে যে ভাৰতত অবৈধভাৱে বসবাস কৰি আছে আৰক্ষীয়ে সেই কথাৰ উমান পাই ৰহিংগিয়া লোক কেইজনক আটক কৰি শিলচৰ চেণ্ট্ৰেল জেইলত আবদ্ধ কৰি ৰাখে।

দীৰ্ঘদিন ধৰি কাৰাবন্দী হৈ থকাৰ পাছত উক্ত ম্যানমাৰী লোক কেইজনে পুনৰ নিজ দেশলৈ ঘূৰি যাবলৈ ইচ্ছা প্ৰকাশ কৰাত ভাৰত চৰকাৰে ম্যানমাৰ চৰকাৰৰ লগত আলোচনা কৰে আৰু ম্যানমাৰ চৰকাৰৰ লগত আলোচনামৰ্মেই আজি ম্যানমাৰলৈ ঘূৰাই পঠিওৱা হ’ব ৰহিংগ্যা লোককেইজনক।

সুদীৰ্ঘ ৬ বছৰ জেইলত কটোৱাৰ অন্তত নিজ দেশলৈ ঘূৰি যাবলগীয়া লোককেইজন হৈছে মহম্মদ ছাবিৰ আহমেদ, মহম্মদ য়ুনুছ, মহম্মদ জামাল, মহম্মদ ছালাম, মহম্মদ মুকবুল খান, মহম্মদ ৰহিমউদ্দিন আৰু মহম্মদ জামাল হুছেইন। এই লোক কেইজন ম্যানমাৰৰ ফইডা জিলাৰ চেপতাক আৰক্ষী থানাৰ অন্তৰ্গত কেইটো (বদৰপাৰা) গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

ইফালে আজি ৰাতিপুৱাই ৰহিংগিয়া কেইজনক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে এ এছ ২৪ চি-২৮২৯ নম্বৰৰ এখন বাছেৰে শিলচৰ চেণ্ট্ৰেল জেইলৰ পৰা মণিপুৰৰ জিৰিবাম হৈ ম্যানমাৰলৈ ঘূৰাই পঠিওৱাৰ উদ্দেশ্যেৰে লৈ যোৱা হৈছে।

উল্লেখ্য যে প্ৰত্যাৱৰ্তনৰ সমগ্ৰ বিষয়টো কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পি ভি ভি ৰাকেশৰ নিৰীক্ষণত হৈ আছে। বিষয়টো সন্দৰ্ভত তেওঁ মন্তব্য কৰাৰ পৰাৰ বিৰত আছে যদিও সমগ্ৰ বিষয়টো গৃহমন্ত্ৰনালয়ৰ অধীনত হৈ আছে বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাকেশে জানিবলৈ দিয়ে।

Related News