NORTHEAST NOW (Assamese)
অসম

অৱশেষত বিজয় ৰথৰ চকা থমকিল ৭ বাৰৰ সাংসদ বীৰেণ সিং ইংতিৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 24, 2019 12:57 pm
Biren-Singh-Engti

অৱশেষত অন্ত পৰিল বীৰেণ সিং ইংতিৰ ৭ টা কাৰ্য্যকালৰ বাবে লোকসভালৈ কৰা যাত্ৰাৰ। ২০১৯ লোকসভা নিৰ্বাচনৰ মোদী ঢৌত স্বায়ত্ত শাসিত জিলা লোকসভা সমষ্টিত পৰাজয়ৰ সন্মুখিন হ’বলগীয়া হয় সাত বাৰৰ সাংসদ বীৰেণ সিং ইংতি।

২৩ মে’ত প্ৰকাশ পোৱা লোকসভা নিৰ্বাচনৰ ফলাফলত বিজেপিৰ স্বায়ত্ত শাসিত জিলা সমষ্টিৰ প্ৰাৰ্থী হৰেণ সিং বে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী বীৰেণ সিং ইংতিক ২,৩৯,৬২৬ টা ভোটৰ বিশাল ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়।

সমষ্টিটোত ভোটদান হোৱা মুঠ ৬,১৭,৭৩৫ টা ভোটৰ ভিতৰত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ৬১.৭৩ শতাংশ হাৰেৰে মুঠ ৩,৮১,৩১৬ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ বিগত সাত বাৰৰ সাংসদ প্ৰাৰ্থীগৰাকীয়ে ২২.৯৪ শতাংশ হাৰেৰে ১,৪১,৬৯০ টা ভোট লাভ কৰি পৰাজয়ৰ সন্মুখিন হয়।

আনহাতে, বিজয়ৰ পাছত উৎফুল্লিত হৈ পৰে বিজেপিৰ প্ৰাৰ্থী হৰেণ সিং বে। সংবাদ মাধ্যমৰ আগত সাংসদ হিচাপে নিৰ্বাচিত হোৱা বে তেওঁৰ জয়ৰ বাবে প্ৰথমে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে।

মোদীৰ লগতে তেওঁ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ, ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী তুলীৰাম ৰহাং আৰু সমূহ কাৰ্বি আংলঙৰ জনসাধাৰণক কৃতজ্ঞতা জ্ঞাপন কৰে।

তদুপৰি, অনাগত দিনত স্বায়ত্ত শাসিত জিলা পৰিষদৰ উন্নয়নৰ বাবে সদায় কাম কৰি যাবলৈ তেওঁ বদ্ধ পৰিকৰ বুলি মন্তব্য কৰে।