NORTHEAST NOW (Assamese)

চাকৰি ওলাইছে ব্ৰহ্মপুত্ৰ ব’ৰ্ডত; লগতে দৰকাৰ ৭জন যুৱ পেচাদাৰী  ব্যক্তি

January 17, 2020 11:36 am · এন ই নাও নিউজ
Updated: January 17, 2020 11:43 am

ব্ৰহ্মপুত্ৰ ব’ৰ্ডে বিভিন্ন পৰ্য্যায়ৰ মুঠ ৪৫টা পদত নিযুক্তি দিবলৈ ওলাইছে আৰু তাৰ বাবে চাকৰি প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰিছে।

৫০ হাজাৰ টকাৰ পৰা ২ লাখ টকা পৰ্য্যন্ত পেই স্কেলৰ এই পদবোৰৰ বাবে অহা ৩১ জানুৱাৰিৰ ভিতৰত আৱেদন কৰিব লাগিব। আৱেদন কৰা প্ৰাৰ্থীৰ বয়সৰ ঊৰ্ধ্বসীমা ৫৬ বছৰ।

নিযুক্তি প্ৰাপ্ত ব্যক্তিয়ে ৩ বছৰ পৰ্য্যন্ত বা তাতকৈও বেছি সময়ৰ বাবে ডেপুটেশ্যনত কাম কৰিব লাগিব বুলি ব’ৰ্ডৰ সূত্ৰত প্ৰকাশ।

লক্ষণীয় কথাটো হ’ল মোদীৰ “ডিজিটেল ইণ্ডিয়া”ৰ দিনতো ব্ৰহ্মপুত্ৰ ব’ৰ্ডে চাকৰিৰ বাবে আৱেদন প্ৰক্ৰিয়াটো অনলাইন কৰিব নোৱৰাটো। বিজ্ঞাপনটোত অনলাইন আৱেদন কৰাৰ বাবে কোনো লিংক দিয়া হোৱা নাই বা বিভাগীয় ৱেবছাইট (যিটো অতি নিম্নখাপৰ)ৰ আন ঠাইতো সেই সুবিধা নাই।

সম্পূৰ্ণ বিজ্ঞাপনটো চাবলৈ তলত দিয়া লিংকটো ক্লিক কৰক-

ব্ৰহ্মপুত্ৰ ব’ৰ্ডত খালী হোৱা বিভিন্ন পদৰ বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক

অস্থায়ী ভিত্তিত ৭জন যুৱ পেচাদাৰী ব্যক্তিৰ প্ৰয়োজন

এই নিযুক্তিৰ উপৰি ব’ৰ্ডে বিভিন্ন প্ৰকল্প সম্পৰ্কীয় কামৰ বাবে অস্থায়ী ভিত্তিত ৭জন যুৱ পেচাদাৰী ব্যক্তিৰ প্ৰয়োজন বুলি বিজ্ঞাপন প্ৰকাশ কৰিছে।

এওঁলোকৰ দৰমহা মাহে ৩০ হাজাৰ টকা আৰু কোনো CPF/GPF বা আন সা-সুবিধা দিয়া নহয়। কাম কৰিব বিচৰা যুৱ পেচাদাৰীসকলে টেকনিকেল আৰু নন-টেকনিকেল দুয়ো ধৰণৰ কাম কৰিব লগীয়া হ’ব পাৰে বুলি বিজ্ঞাপনটোত কোৱা হৈছে।

বিজ্ঞাপনটোত কোৱা হৈছে, তেওঁলোকক প্ৰথম অৱস্থাত কেৱল ছমাহৰ বাবেহে কামত জড়িত কৰা হ’ব (প্ৰয়োজন অনুসৰি সময় বৃদ্ধি কৰা হ’ব পাৰে) আৰু ইয়াক নিযুক্তি বুলি ধৰা নহ’ব।

সম্পূৰ্ণ বিজ্ঞাপনটো চাবলৈ তলত দিয়া লিংকটো ক্লিক কৰক-

“যুৱ পেচাদাৰী ব্যক্তি”ৰ বিজ্ঞাপনটোৰ বাবে ইয়াত ক্লিক কৰক

Related News