NORTHEAST NOW (Assamese)

৪ দিনত ভৰি দিলে নাৰ্ছৰ অনশনে; বৰপেটাত নাৰ্ছ সন্থাৰ কেইবাগৰাকী নেত্ৰীক আটক

November 29, 2018 1:35 pm · পুলেন্দ্ৰ দাস

ন্যায্য অধিকাৰৰ দাবীত অনশনত বহা সদৌ অসম নাৰ্ছ সন্থাৰ প্ৰতিবাদ অন্যান্য ঠাইৰ লগতে বৰপেটাত আজিও অব্যাহত আছে।

উল্লেখযোগ্য যে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত যোৱা ২৬ নৱেম্বৰৰ পৰা কৰ্মবিৰতি পালনেৰে প্ৰতিবাদ সাব্যস্ত কৰি অহা নাৰ্ছসকলক আজি পুৱাৰ ভাগত আৰক্ষীয়ে আটক কৰে।

প্ৰাপ্ত তথ্য মতে অসম নাৰ্ছ সন্থাৰ বৰপেটা জিলা সমিতিৰ উপ সভানেত্ৰী ক্ৰমে ইন্দিৰা দাস, সম্পাদিকা আমিৰুণ নেছা তথা কেইবাগৰাকী নেত্ৰীৰ লগতে শতাধিক নাৰ্ছক আৰক্ষীয়ে আটক কৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপৰ মিলেনিয়াম পাৰ্কত আৱদ্ধ কৰি ৰাখে।

কিন্তু উক্ত স্থানতো নিজৰ ন্যায্য প্ৰাপ্যৰ সমৰ্থনত নাৰ্ছসকলে বিভিন্ন শ্লোগান দিয়াৰ লগতে চৰকাৰৰ ভূমিকাক ধিক্কাৰ দিয়ে। প্ৰতিবাদকাৰী নাৰ্ছসকলে ৰাজ্য চৰকাৰে তেওঁলোকৰ দাবী সমূহৰ প্ৰতি গুৰুত্ব নিদিয়া পৰ্যন্ত কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰি যাব বুলি চৰকাৰক সকীয়াই দিয়ে ৷

উল্লেখযোগ্য যে নাৰ্ছসকলৰ কৰ্মবিৰতিয়ে আজি ৪ দিনত ভৰি দিয়াত ৰাজ্যৰ স্বাস্থ্য বিভাগত এক অচলাৱস্থাৰ সৃষ্টি হৈছে।

আনহাতে কালি অৰ্থাৎ বুধবাৰে উক্ত কৰ্মবিৰতি কাৰ্যসূচীৰ মাজতে প্ৰতিবাদকাৰী নাৰ্ছসকলক আৰক্ষীয়ে গাড়ীত উঠাই নিয়াৰ চেষ্টা চলাওঁতেই প্ৰতিবাদকাৰী নাৰ্ছ আৰু আৰক্ষীৰ মাজত হতাহতি লগাত চিকিৎসা মহাবিদ্যালয়খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল।

Related News