NORTHEAST NOW (Assamese)
অসম

দৰঙত অগ্নিকাণ্ডত জাহ গ’ল বহুকেইখন দোকান

Posted by: ময়ূখ গোস্বামী Updated by: ময়ূখ গোস্বামী October 20, 2019 8:46 pm
দৰঙত অগ্নিকাণ্ডত জাহ গ’ল বহুকেইখন দোকান

দৰং জিলাৰ ধুলাত থকা সোণালী ছুপাৰ মাৰ্কেটত শনিবাৰে মাজনিশা সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডত কেইবাখনো দোকান আৰু আন ব্যৱসায়ীক প্ৰতিষ্ঠান ভস্মীভূত হয়।

উক্ত অগ্নিকাণ্ডৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমান কেইবা লক্ষাধিক টকা হ’ব বুলি অনুমান কৰা হৈছে যদিও ইয়াক সঠিককৈ জানিব পৰা হোৱা নাই।

অৱশ্যে অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।

পিছত স্থানীয় লোকৰ খবৰৰ ভিত্তিত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিতৰ ফলতে উক্ত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।