NORTHEAST NOW (Assamese)

গোলাঘাটত বিৰল বনবোন্দাৰ কেইবাটাও পোৱালি উদ্ধাৰ

February 4, 2019 3:41 pm · ঋতুপল্লৱ শইকীয়া
Updated: February 4, 2019 3:46 pm
গোলাঘাট কমাৰবন্ধাৰ ৰাইজে উদ্ধাৰ কৰি বন বিভাগক গতাই দিয়া বন মেকুৰীৰ পোৱালিকেইটা।
গোলাঘাটত স্থানীয় ৰাইজে উদ্ধাৰ কৰি বন বিভাগক গতাই দিয়া বনবোন্দা বা বন মেকুৰীৰ (Asian wildcat, বৈজ্ঞানিক নাম-Felis silvestris ornata) পোৱালিকেইটা উপযুক্ত স্থানত এৰি দিয়াৰ পৰিকল্পনা কৰিছে বন বিভাগে। বিভাগটোৰ সূত্ৰই নৰ্থ-ইষ্ট নাওক এই কথা জনাইছে।
ইপিনে বনবোন্দাৰ পোৱালিকেইটা চাবলৈ এতিয়াও উৎসুক ৰাইজে ভিৰ কৰি আছে বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে যোৱা ২ ফেব্ৰুৱাৰিত কমাৰবন্ধা অঞ্চলৰ নাওশলীয়াত এই বিৰল প্ৰজাতিৰ বন মেকুৰীৰ পোৱালিকেইটা উদ্ধাৰ হৈছিল। প্ৰথম অৱস্থাত স্হানীয় লোকে বাঘৰ পোৱালিৰ দৰে পোৱালিকেইটা চিনি নাপাইছিল যদিও বন বিভাগক গতাই দিয়াৰ সিদ্ধান্ত কৰে।
পিছত বন বিভাগৰ লোকে পোৱালিকেইটা বনবোন্দা বা বন মেকুৰীৰ বুলি চিনাক্ত কৰে। পোৱালিকেইটা সুবিধা অনুযায়ী নিৰ্দিষ্ট এলেকাত এৰি দিয়া হ’ব বুলি জানিবলৈ দিছে বন বিভাগৰ সূত্ৰই।

Related News