NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰৰ বেতবাৰীত ৰে’লৰ চিৰিৰ কাষত গুৰুতৰভাবে আহত অচিনাক্ত মহিলা উদ্ধাৰ

Posted by: পার্শ্বজোতি গগৈ September 12, 2018 7:12 am
Sivasagar railway
শিৱসাগৰ সদৰ থানাৰ অন্তৰ্গত বেতবাৰী মৌজাৰ দিচাং মাজগাওঁত কালি নিশা প্ৰায় ১০ বজাত গুৰুতৰভাবে আঘাটপ্ৰাপ্ত অৱস্থাত এগৰাকী অচিনাকী মহিলা উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
ৰে’লৰ চিৰিৰ কাষৰ শিলত পৰি থকা মহিলাগৰাকীক স্থানীয় ৰাইজে উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়াত শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাণজিত লহকৰৰ নেতৃত্বত অহা এটি দলে  মহিলাগৰাকীক উদ্ধাৰ কৰি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।
স্থানীয় ৰাইজে জনোৱা মতে, কাৰ্বি আংলঙৰ বোকাজানৰ বাসিন্দা বুলি জানিবলৈ দিয়া মহিলাগৰাকীয়ে ৰে’লৰ পৰা পৰি যোৱা বুলি তেওঁলোকৰ আগত প্ৰকাশ কৰিছে যদিও কি পৰিস্থিতিত তেওঁ ৰে’লৰ পৰা পৰি গল, সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
আনহাতে বাতৰি লিখাৰ পৰলৈকে আৰক্ষীৰ এক সূত্ৰই আঘাতপ্ৰাপ্ত মহিলাগৰাকী চিকিৎসাধীন হৈ থকা বুলি জানিবলৈ দিয়াৰ লগতে তেওঁৰ নাম আৰু ঠিকনাৰ তথ্য লাভ কৰা নাই বুলি সদৰী কৰে।
স্থানীয় ৰাইজে কোনো দুৰ্বৃত্তই নিচাজাতীয় দ্ৰব্য খোৱাই লুটপাত কৰি মহিলাগৰাকীক ৰে’লৰ পৰা পেলাই দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে যদিও মহিলাগৰাকীৰ সংজ্ঞা ঘূৰি অহাৰ পিছত আৰক্ষীৰ তদন্ততহে ঘটনাৰ প্ৰকৃত ৰহস্য ভেদ হ’ব।