NORTHEAST NOW (Assamese)
অসম

চিনেমাৰ নায়িকা কৰাৰ নামত হোটেলত মহিলাক ধৰ্ষণ? দক্ষিণৰ জনপ্ৰিয় তাৰকাৰ বিৰুদ্ধে অভিযোগ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 4, 2024 11:21 am

ন্যায়াধীশ কে হেমা কমিটীৰ প্ৰতিবেদনত মালয়ালম চলচ্চিত্ৰ জগতত নাৰীৰ ওপৰত হোৱা নিৰ্যাতন আৰু বৈষম্যৰ বিষয় তুলি ধৰা হৈছে। শেহতীয়াকৈ মালয়ালম তাৰকা মোহনলালে দায়বদ্ধতা স্বীকাৰ কৰি ‘এছ’চিয়েচন অৱ মালয়ালম মুভি আৰ্টিষ্টেছ’ৰ সভাপতি পদৰ পৰা পদত্যাগ কৰে। ইয়াৰ পিছতে এইবাৰ জনপ্ৰিয় মালয়ালম তাৰকা নিভিন পৌলিৰ বিৰুদ্ধে উঠিছে ধৰ্ষণৰ অভিযোগ!

হেমা কমিটীৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছৰে পৰা দক্ষিণৰ মনোৰঞ্জন জগতখনত পতন নামি আহিছে। মালয়ালম চলচ্চিত্ৰ তাৰকা নিভিন পৌলিৰ বিৰুদ্ধে এগৰাকী মহিলাই অভিযোগ উত্থাপন কৰিছে যে নিভিনে যোৱা বছৰ ডুবাইৰ এখন হোটেলত তেওঁক ডাঙৰ পৰ্দাত কাম দিয়াৰ প্ৰতিশ্ৰুতি দি ধৰ্ষণ কৰিছিল।

লগতে পঢ়কঃ প্ৰয়োজন নহ’ব চশমাৰ! ভাৰতত অনুমোদন লাভ কৰিলে অভিনৱ আই ড্ৰপ PresVuয়ে

তেওঁ লগতে অভিযোগ কৰিছে যে কেৱল নিভিন পৌলিয়ে নহয়, এগৰাকী চিনেমা প্ৰযোজক আৰু আন চাৰিজন লোকেও মহিলাগৰাকীক যৌন নিৰ্যাতন চলাইছিল!

অৱশ্যে নিভিনে কয় যে তেওঁৰ বিৰুদ্ধে উত্থাপিত ধৰ্ষণৰ অভিযোগ সম্পূৰ্ণ মিছা। তাৰ লগতে অভিযোগকাৰীৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ সদৰী কৰে। জানিব পৰা মতে, আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰা মহিলাগৰাকী এৰ্নাকুলাম জিলাৰ বাসিন্দা।

সমগ্ৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত নিভিন পৌলীয়ে ইনষ্টাগ্ৰামত নিজৰ প্ৰফাইলত এটা পোষ্ট দি নিজৰ বক্তব্য দাঙি ধৰে। তেওঁ লিখিছে, “মই গম পালোঁ যে মোৰ বিৰুদ্ধে এগৰাকী মহিলাৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে। অনুগ্ৰহ কৰি জানি থওক যে অভিযোগটো সম্পূৰ্ণ মিছা। সেই অভিযোগৰ কোনো সত্যতা নাই। এইটো প্ৰমাণ কৰিবলৈ মই যি কৰিব লাগিব সেয়া কৰিম। এতিয়াৰ পৰা বাকীবোৰ আইন অনুসৰি আগবাঢ়িব।’’

লগতে পঢ়কঃ বিজেপিৰ সৈতে ‘মতানৈক্য’ স্বীকাৰ আৰএছএছৰ; সংঘৰ দাবী এয়া ‘পৰিয়ালৰ সমস্যা’

উল্লেখ্য যে কেৰালা চৰকাৰে হেমা কমিটীৰ প্রতিবেদনৰ ভিত্তিত এটা বিশেষ তদন্তকাৰী দল গঠন কৰিছে৷