NORTHEAST NOW (Assamese)

ভাৰতৰ এখন বিশ্ববিদ্যালয়ত যৌ*ন নিৰ্যাতনৰ ঘটনা ঢাকি ৰাখি ভুক্তভোগীক দোষাৰোপ কৰাৰ চেষ্টা…

October 21, 2025 11:14 am · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতৰ বিশ্ববিদ্যালয়সমূহে যৌন নিৰ্যাতনৰ ঘটনাৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত একেই পদ্ধতি গ্ৰহণ কৰি আহিছে। এই ক্ষেত্ৰত প্ৰায়ে ঘটনা ঢাকি ৰাখি ভুক্তভোগীক দোষাৰোপ কৰা পৰিলক্ষিত হয়। দিল্লীৰ দক্ষিণ এছিয়া বিশ্ববিদ্যালয় (SAU)ৰ শেহতীয়া ঘটনাৰ পৰা আৰম্ভ কৰি আই আই টি- বি এইচ ইউ, আৰ জি কাৰ আৰু দুৰ্গাপুৰ প্ৰতিখন প্ৰতিষ্ঠানতে এই ঘটনাসমুহত এই একে আৰ্হি বাৰে বাৰে গ্ৰহণ কৰা দেখা গৈছে। কিয়নো তেওঁলোকৰ বাবে ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ পৰিৱৰ্তে মূল লক্ষ্য হৈ পৰিছে প্ৰতিষ্ঠানসমূহৰ মান ৰক্ষা ।

যোৱা সপ্তাহত দিল্লীৰ এছ এ ইউত(SAU) এগৰাকী বি.টেকৰ ছাত্ৰীৰ ওপৰত ভয়ংকৰ যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছিল। বিশ্ববিদ্যালয় প্ৰশাসনে তৎক্ষণাৎ ঘটনাটো ঢাকিবলৈ চেষ্টা কৰে। তেওঁলোকে ভুক্তভোগীক গা ধুবলৈ কৈ ফৰেনছিক প্ৰমাণ ধ্বংস কৰিবলৈ নিৰ্দেশ দিয়ে আৰু ভুক্তভোগীক আৰক্ষীৰ সৈতে যোগাযোগ কৰাৰ পৰাও বিৰত ৰাখে। প্ৰতিবাদ আৰম্ভ হোৱাৰ পিছত প্ৰশাসনে আভ্যন্তৰীণভাৱে বিষয়টো সমাধানৰ আশ্বাস দিয়ে। পিছদিনা এজন সহপাঠীয়ে আৰক্ষীৰ সৈতে যোগাযোগ কৰি এফআইআৰ দাখিল কৰে।

এফআইআৰ অনুসৰি, আক্ৰমণৰ আগৰ দিনকেইটাত ভুক্তভোগীক ভাবুকি দি আহিছিল আৰু অৱশেষত কেম্পাছৰ এটা নিৰ্জন নিৰ্মাণাধীন অঞ্চলত চাৰিজনে  ছাত্ৰীগৰাকীক আক্ৰমণ কৰে, জোৰ কৰি বড়ি খুৱাবলৈও চেষ্টা কৰে।

উল্লেখ্য যে ভুক্তভোগী ফটা কাপোৰেৰে সৈতে হোষ্টেললৈ উভতি অহাৰ পিছত হোষ্টেল কৰ্তৃপক্ষই ছাত্ৰীগৰাকীক ৰাতি দেখা কৰিবলৈ অস্বীকাৰ কৰে, পিছদিনা ৰাতিপুৱা আহিবলৈ কয়। ভুক্তভোগী ছাত্ৰীগৰাকীক পিতৃ-মাতৃৰ সৈতে ফোনত যগাযোগ কৰিবলৈও তেওঁলোকে বাধা দিয়ে। তাৰ পৰিৱৰ্তে তেওঁলোকে ছাত্ৰীগৰাকীৰ অভিভাৱকক পেনিক এটেক হৈছে বুলিহে জনায়। কিবা প্ৰকাৰে প্ৰতিবাদ্কাৰী ছাত্ৰ-ছাত্ৰীয়ে হোষ্টেলৰ তত্ত্বাৱধায়কৰ ভাষ্য ৰেকৰ্ডিঙ কৰি ৰাখে।আাৰু তাত হোষ্টেলৰ তত্ত্বাৱধায়ক অনুপমা অৰোৰাই এই সন্দৰ্ভত কয় যে , “তাইৰ কাপোৰ কেনেকৈ ফাটি গৈছে দেখিছেনে? কাপোৰ টানিলে বেলেগ ধৰণে ছিঙে। দেখাত ব্লেডেৰে কাটি পেলোৱা যেন লাগিছে। তাই নিশ্চয় চিনাকি কাৰোবাৰ ওচৰলৈ গৈছিল। এজনী ছোৱালী এনে অকলে কেনেকৈ যায়? মই ১৫ বছৰৰ পৰা ইয়াত আছোঁ।” হোষ্টেলৰ তত্ত্বাৱধায়কৰ এনে আচৰণত ছাত্ৰ সমাজ ক্ষুব্ধ হৈ পৰিছে। ভুক্তভোগী ছাত্ৰীগৰাকীৰ ন্যায় বিচাৰি প্ৰতিবাদকাৰী ছাত্ৰ সমাজ। আৰু প্ৰতিবাদকাৰী ছাত্ৰ-ত্ৰীয়ে ঘটনা ঢাকি ভুক্তভোগীক দোষাৰোপ কৰিবলৈ চেষ্টা কৰা হোষ্টেলৰ কৰ্মচাৰীগৰাকীক নিলম্বনৰ দাবী জনাইছে।

Related News