NORTHEAST NOW (Assamese)
অসম

ছাত্ৰীক যৌন নিৰ্য্যাতনৰ অভিযোগ এইবাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ বিৰুদ্ধে

Posted by: স্মিতা ভট্টাচাৰ্য্য Updated by: স্মিতা ভট্টাচাৰ্য্য September 7, 2019 10:12 pm
Assam-Agricultural-University-AAU-Jorhat-750x375

জ্যেষ্ঠ অধ্যাপকৰ দ্বাৰা এগৰাকী এডমিশ্যন প্ৰত্যাশী ছাত্ৰীক যৌন নিৰ্য্যাতনৰ এটা গুৰুতৰ অভিযোগে কঁপাই তুলিছে যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ক।

বিশ্ববিদ্যালয়খনৰ অৰ্থনীতি আৰু পাম ব্যৱস্থাপনা (Economics and Farm Management) বিভাগৰ জ্যেষ্ঠ অধ্যাপক জ্যোতি গগৈৰ (৬৩) বিৰুদ্ধে এই অভিযোগ অনা ছাত্ৰীগৰাকীয়ে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানটোৰ যৌন নিৰ্য্যাতন সম্পৰ্কীয় কমিটীক ঘটনাটো বিচাৰৰ বাবে আৰ্জি দিছে।

পি জি প্ৰগ্ৰামত নামভৰ্তি কৰিব খোজা ছাত্ৰীগৰাকীয়ে অভিযোগটোত কয়, তেওঁক শুকুৰবাৰৰ দিনা (৬ ছেপ্টেম্বৰ) জ্যেষ্ঠ অধ্যাপক গগৈয়ে তেওঁৰ কাৰ্য্যালয় কক্ষত যৌন নিৰ্য্যাতন কৰে। সেই সময়ত ছাত্ৰীগৰাকীয়ে থাৰ্ড কাউন্সেলিঙৰ বাবে আসনৰ উপলব্ধতা সম্পৰ্কে জানিবলৈ অধ্যাপকজনৰ কক্ষলৈ গৈছিল।

অধ্যাপকজনে তেওঁৰ ডেস্কটপ কম্পিউটাৰটোত আসনৰ তালিকা দেখুৱাবলৈ ছাত্ৰীগৰাকীক নিজৰ দাঁতিৰফালে মাতে আৰু আসনৰ তালিকা দেখুওৱাৰ অচিলাৰে ছাত্ৰীগৰাকীক পিছফালৰ পৰা টানি ধৰে আৰু গালতো স্পৰ্শ কৰে।

ভুক্তভোগী ছাত্ৰীগৰাকীৰ ঘৰ নগাঁৱত আৰু তেওঁৰ দেউতাকে অধ্যাপকজনে চুমা খোৱা বুলিও অভিযোগ তুলিছে।

“এই সকলো মাত্ৰ মুহূৰ্তৰ ভিতৰতে ঘটি গৈছিল আৰু সেই মুহূৰ্তত হতচকিত হৈ কি প্ৰতিক্ৰিয়া কৰিব লাগে বিবুধিত পৰিছিলো”, আৰ্জিখনত ছাত্ৰীগৰাকীয়ে লিখে।

ঘটনাটো সদৰী হোৱাৰ পিছতে বিশ্ববিদ্যালয়খনৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অধ্যাপকজনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আৰু তাৰ পিছতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই লগে লগে অধ্যাপকজনক কাউন্সেলিঙৰ দায়িত্বৰ পৰা অব্যাহতি দিয়ে।

ঘটনাটো সম্পৰ্কত উপাচাৰ্য্য অশোক ভট্টাচাৰ্য্যক যোগাযোগ কৰাত তেওঁ জনায় যে এটা চৰকাৰী ভ্ৰমণত তেওঁ উত্তৰ পাৰলৈ গৈছে আৰু অভিযোগটোৰ বিষয়ে ইতিপূৰ্বে অৱগত হৈছে।

Jyoti Gogoi
যৌন নিৰ্য্যাতনত অভিযুক্ত অধ্যাপক জ্যোতি গগৈ।

ছাত্ৰীগৰাকীৰ পৰা অভিযোগ পত্ৰখন পোৱাৰ পিছতে সেইখন বিশ্ববিদ্যালয়খনৰ Internal Sexual Harassment Committee লৈ প্ৰেৰণ কৰা হৈছে বুলি উপাচাৰ্য্যজনে নৰ্থ-ইষ্ট নাওক জনালে।

কমিটীখনে ইতিমধ্যে অভিযোগকাৰী আৰু অভিযুক্ত দুয়োৰে পৃথকে পৃথকে ভাষ্য লৈছে।

বিশ্ববিদ্যালয়খনৰ আন এটা সূত্ৰৰ দাবী, কমিটীখনে অধ্যাপক গগৈক ছাত্ৰ-ছাত্ৰীৰ সৈতে সম্পৰ্ক নকৰাৰ পৰামৰ্শ দিছে।

এই পৰামৰ্শৰ ভিত্তিত যদি কৰ্তৃপক্ষই ব্যৱস্থা লয়, তেন্তে অৱসৰৰ বাবে মাত্ৰ দুটা বছৰ থকা অধ্যাপকজনক বিশ্ববিদ্যালয়খনৰ পৰা আঁতৰি থাকিবলৈ দিব পাৰে।

ইতিমধ্যে দুয়ো পক্ষৰ শুনানি লোৱাৰ পিছত কমিটীখনে বিষয়টোত তেওঁলোকৰ প্ৰতিবেদন এটা বন্ধ খামৰ ভিতৰত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক অৰ্পণ শইকীয়াৰ হাতত তুলি দিছে। শইকীয়াই এই প্ৰতিবেদন সোমবাৰে কাৰ্য্যালয়ত বহিব লগীয়া উপাচাৰ্য্যৰ হাতত দিব।

উল্লেখ কৰিব পাৰি যে কিছুদিন পূৰ্বে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন প্ৰাক্তন অধ্যাপক আৰু বৰ্তমান মাজুলীস্থিত সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে থকা ছাত্ৰীক যৌন নিৰ্য্যাতনৰ পুৰণি অভিযোগটোৱে পুনৰ চৰ্চা লাভ কৰিছিল।