NORTHEAST NOW (Assamese)
দেশ

ইউটিউব চাই চাই প্ৰশিক্ষণ : ৫৯ বছৰ বয়সত এভাৰেষ্ট বেছ কেম্পত উপস্থিত হ’ল ভাৰতীয় মহিলা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 19, 2025 10:31 am
ইউটিউব চাই চাই প্ৰশিক্ষণ : ৫৯ বছৰ বয়সত এভাৰেষ্ট বেছ কেম্পত উপস্থিত হ’ল ভাৰতীয় মহিলা

মনোবল শক্তিশালী হ’লে বয়সে একো কামতে বাধা দিব নোৱাৰে। সেই কথাই প্ৰমাণ কৰি দেখুৱালে এগৰাকী ৫৯ বছৰীয়া ভাৰতীয় মহিলাই।

কেৰালাৰবসন্তী চেৰুভিটিল নামৰ এগৰাকী ৫৯ বছৰীয়া দৰ্জীয়ে কোনো আনুষ্ঠানিক প্ৰশিক্ষণ অবিহনে এভাৰেষ্ট বেছ কেম্প আৰোহণ কৰে।

 ১৫ ফেব্ৰুৱাৰীত নেপালৰ চুৰাটৰ পৰা ট্ৰেকিং আৰম্ভ কৰি ২৩ ফেব্ৰুৱাৰীত এভাৰেষ্টৰ দক্ষিণ বেছ কেম্পত তেওঁ উপস্থিত হয়।

চেৰুভিটিলে নিজৰ সপোন বাস্তৱায়িত কৰিবলৈ চাৰি মাহ ধৰি প্ৰশিক্ষণ লৈছিল। তেওঁ প্ৰতিদিনে তিনি ঘণ্টা খোজ কঢ়াৰ অভ্যাস কৰিছিল আৰু ট্ৰেকিং বুট পিন্ধিছিল। দৈনিক সন্ধিয়া বন্ধু-বান্ধৱীৰ সৈতে ৫-৬ কিলোমিটাৰ খোজ কাঢ়িছিল। যোগাযোগৰ সুবিধাৰ বাবে হিন্দীও শিকিছিল চেৰুভিটিলে।

ইয়াৰ উপৰিও ট্ৰেকিংৰ মৌলিক কৌশল শিকিবলৈ ইউটিউব ভিডিঅ’ও চাইছিল তেওঁ। ট্ৰেকিঙৰ কৌশল সমূহ ইউটিউবৰ পৰাই শিকিছিল চেৰুভিটিলে।

বসন্তী চেৰুভিটিলৰ এভাৰেষ্ট বেছ কেম্পলৈ যাত্ৰা সহজ নাছিল। বেয়া বতৰৰ বাবে তেওঁৰ লুক্লালৈ যোৱা বিমান বাতিল হোৱাৰ বাবে নেপালত লগ পোৱা জাৰ্মান দম্পতীৰ সহায়ত সুৰখেট হৈ বিকল্প পথ বিচাৰিবলৈ বাধ্য হয়।

এভাৰেষ্ট বেছ কেম্পত পৰম্পৰাগত কাছাভু শাৰী পিন্ধি ভাৰতীয় জাতীয় পতাকা জোকাৰি থকা বসন্তী চেৰুভিটিলৰ এখন ছবিয়ে অনলাইনত নেটিজেনৰ মন জয় কৰিছে। এই ছবিখন ইতিমধ্যে ভাইৰেল হৈ পৰিছে। বসন্তীয়ে নিজৰ টেইলাৰিং ব্যৱসায়ৰ জৰিয়তে এই ভ্ৰমণৰ বাবে ধন সংগ্ৰহ কৰিছিল। কেতিয়াবা তেওঁৰ পুত্ৰ বিনীথ আৰু বিবেকেও আৰ্থিক সহায় আগবঢ়াইছিল। এভাৰেষ্ট বেছ কেম্প জয় কৰাৰ পিছত বসন্তী চেৰুভিটিলে এতিয়া নিজৰ পৰৱৰ্তী সপোনৰ গন্তব্যস্থান চীনৰ গ্ৰেট ৱাল চাবলৈ আগ্ৰহী।