NORTHEAST NOW (Assamese)

বিভিন্ন দাবীৰে নগাঁৱত এছ এফ আই আৰু ডি ৱাই এফৰ তীব্ৰ প্ৰতিবাদ

December 23, 2020 8:15 am · মুৰলী বৰুৱা

মঙলবাৰে নগাঁও জিলাত এছ এফ আই আৰু ডি ৱাই এফ আইয়ে বিক্ষোভ কাৰ্য্যসূচী পালন কৰে।

নিবনুৱা সমস্যা সমাধান কৰা, শিক্ষাৰ মানদণ্ড উন্নত কৰা, মৃত উদ্যোগ সমূহ পুনৰ কাৰ্যক্ষম কৰি তোলা, নিবনুৱা সকলক ছয় হেজাৰ টকাকৈ নিবনুৱা ভাট্টা প্ৰদান কৰাকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত বাওঁপন্থী যুব- ছাত্ৰ সংগঠন ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI) আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ (DYF)ৰ নগাঁও জিলা সমিতিৰ উদ্যোগত মঙলবাৰে যুৱ বিক্ষোভ কাৰ্যসূচী পালন কৰে।

মোৰ চাকৰি কলৈ গল বুলি প্ৰশ্ন কৰি যুৱ ছাত্ৰ – সংগঠন দুটাই নগাঁও কলেজ চকত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰি উত্তাল প্ৰতিবাদী কাৰ্যসূচী পালন কৰে।

নিবনুৱা যুৱক-যুৱতীক কৰ্ম সংস্থাপন দিয়ক, দূৰ্নীতি মুক্ত নিযুক্তি প্ৰদান কৰক, মৃত উদ্যোগ সমূহ পুনৰ কাৰ্যক্ষম কৰক আদি শ্লোগানেৰে সংগঠন দুটাই নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে।

নগাঁৱৰ উপৰিও মঙলবাৰে বিশ্বনাথটো ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI) আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ (DYF) জিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

Related News