NORTHEAST NOW (Assamese)

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

September 18, 2025 8:31 am · এন ই নাও নিউজ, গুৱাহাটী

কনাডাত পুনৰ ভাৰত-বিৰোধী কাৰ্যকলাপৰ ঘোষণা কৰিছে পলাতক সন্ত্ৰাসবাদী গুৰপতৱন্ত সিং পান্নুৰ নেতৃত্বাধীন নিষিদ্ধ সংগঠন শিখছ ফৰ জাষ্টিছে(SFJ)। সংগঠনটোৱে এইবাৰ ভেংকুৱাৰত থকা ভাৰতীয় কনছুলেটক ‘ঘেৰি ধৰি দখল’ কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। বৃহস্পতিবাৰে এই কাৰ্যসূচী ৰূপায়ন কৰিব বুলি সকীয়াই দিয়াৰ লগতে স্থানীয় ভাৰতীয় জনগোষ্ঠীক বৃ্হস্পতিবাৰে দিনটোত কনছুলেটলৈ নাযাবলৈও আহ্বান জনাইছে সংগথনটোৱে।

উল্লেখ্য যে এতিয়াও SFJ-এ নতুন ভাৰতীয় উচ্চায়ুক্ত দীনেশ পাটনায়কক লক্ষ্য কৰি কটাক্ষমূলক পোষ্টাৰ প্ৰকাশ কৰিছে। ২০২২ চনৰ পৰা সংগঠনটোৱে অট’ৱা আৰু কানাডাৰ বিভিন্ন চহৰত থকা ভাৰতীয় কূটনৈতিক কাৰ্যালয়ৰ সন্মুখত স্বতন্ত্ৰ খালিস্তানৰ দাবীত একাধিক হিংসাত্মক প্ৰতিবাদ সংগঠিত কৰিছে। সেই সময়ত ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা জ্বলাই দিয়াৰ ঘটনাই বিশ্বক আচম্বিত কৰি তুলিছিল।

ছেপ্তেম্বৰত মাহত কানাডাৰ নতুন প্ৰধানমন্ত্ৰী মাৰ্ক চেৰ্নৰ চৰকাৰে প্ৰকাশ কৰা এটা প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে বব্বৰ খালছা, আন্তঃৰাষ্ট্ৰীয় শিখ যুৱ ফেডাৰেচন আৰু শিখছ ফৰ জাষ্টিছৰ দৰে খালিস্তান সমৰ্থক উগ্ৰ সংগঠনসমূহ দীৰ্ঘদিন ধৰি কানাডাৰ মাটিত নিৰাপদ আশ্ৰয় লৈ আছে। ইয়াৰ আগতেই হৰদীপ সিং নিজ্জাৰ হত্যাকাণ্ডৰ প্ৰতিবাদত SFJ-এ ভেংকুৱাৰত থকা ভাৰতীয় দূতাবাস দখল কৰাৰ দাবী উত্থাপন কৰিছিল।

২০২৩ চনৰ জুন মাহত কানাডাৰ ছাৰেত খালিস্তান টাইগাৰ ফৰ্চৰ নেতা তথা গুৰদ্বাৰা চাহাবৰ মুৰব্বী হৰদীপ সিং নিজ্জাৰক গুলীয়াই হত্যা কৰা হৈছিল। তেতিয়াৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোই এই হত্যাকাণ্ডত ভাৰত চৰকাৰৰ এজেণ্টৰ সংশ্লিষ্টতাৰ অভিযোগ উত্থাপন কৰিছিল। কিন্তু নতুন দিল্লীয়ে সেই অভিযোগক “অবাস্তৱিক” আৰু “ইচ্ছাকৃত” বুলি খণ্ডন কৰিছিল।

এই অভিযোগৰ পিছতেই কানাড আাৰু ভাৰতৰ কূটনৈতিক সম্পৰ্কত গভীৰ উত্তেজনাৰ সৃষ্টি হৈছিল। ট্ৰুডোৰ বিৰুদ্ধে নিজৰ দলেৰে চলা বিদ্ৰোহৰ ফলত তেওঁ শেষত পদত্যাগ কৰিবলৈ বাধ্য হয়। তাৰ পিছত কাৰ্নীয়ে স্বল্প সময়ৰ বাবে দায়িত্ব লয়, যদিও তেওঁকো “ভাৰত-বিৰোধী” বুলি আখ্যা দিয়া হৈছিল। আাৱশ্যে এতিয়া নতুন প্ৰধানমন্ত্ৰী মাৰ্ক চেৰ্নে ভাৰতৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক স্থাপন কৰাৰ সংকল্প প্ৰকাশ কৰিছে।

Related News