NORTHEAST NOW (Assamese)
অসম

অনলাইনত কৰিছিল মদৰ অৰ্ডাৰ; প্ৰতাৰণাৰ বলি অভিনেত্ৰী শ্বাৱানা আজমী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 25, 2021 3:17 pm
Shabana Azmi

অনলাইনত মদ অৰ্ডাৰ কৰিছিল বলীউদৰ খ্যাতনাম অভিনেত্ৰী শ্বাৱানা আজমীয়ে। কেশ্ব অন ডেলিভাৰি নহয়, পূৰ্বেই মদৰ টকা আদায় দিছিল অভিনেত্ৰীগৰাকীয়ে।

কিন্তু সময় পাৰ হৈ যোৱাৰ পাছতো ঘৰত আহি নাপালে অৰ্ডাৰ কৰা মদ। ফোন কৰিও নাপালে উত্তৰ। অৱশেষত হতাশ হৈ নেটিজেনসকলক সাৱধান কৰি দিলে শ্বাৱানা আজমীয়ে।

টুইটাৰত বৰ্ষীয়ান অভিনেত্ৰীগৰাকীয়ে লিখিছে,‘’সাৱধান! মই প্ৰতাৰণাৰ বলি হৈছো। মি মদ কিনাৰ বাবে সম্পূৰ্ণ টকা অনলাইনত পেমেন্ট কৰিছো। কিন্তু তাৰপাছতো বস্তুটো নাপালো। বাৰে বাৰে ফোন কৰাৰ পাছতো ফোন তোলা নাই।‘’

শ্বাৱানাই টুইটাৰত প্ৰতাৰক সংস্থাটোৰ বেংক একাউন্ট আৰু ফোন নম্বৰো শ্বেয়াৰ কৰিছে।

পিছত অৱশ্যে অভিনেত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে তেওঁ যিটো সংস্থাৰ নামত অনলাইনত মদ বিক্ৰী কৰা হৈছিল সেই সংস্থাটোৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ সক্ষম হৈছে। তেওঁ যাক টকা আদায় দিছে তেওঁলোক এই সংস্থাৰ সৈতে কোনোধৰণে জড়িত নহয়। দৰাচলতে শ্বাৱানা আজমী প্ৰতাৰণাৰ বলি হৈছে।

অভিনেত্ৰীগৰাকীয়ে লগতে জানিবলৈ দি কয় যে এইদৰে অনলাইনত নম্বৰ দি যিসকলে সামগ্ৰী বিক্ৰী কৰে তাৰ অধিকাংশই ভুৱা।

টুইটাৰত অৱশ্যে সকলোৱে অভিনেত্ৰীগৰাকীক আৰক্ষীৰ ওচৰত অবিযোগ দাখিল কৰাৰ পৰামৰ্শ দিয়ে।

ইয়াৰ পূৰ্বেও নাৰ্গিছ ফাকৰি, অক্ষয় খান্না, কৰন সিং গ্ৰোভাৰকে ধৰি বলীউদৰ বহু তাৰকাই অনলাইনত প্ৰতাৰণাৰ বলি হৈছিল।