NORTHEAST NOW (Assamese)
অসম

জালাহত এটা বিশাল আকৃতিৰ মাছে সৃষ্টি কৰিলে কৌতূহলৰ, কি মাছ এয়া?

Posted by: শশাংক তালুকদাৰ Updated by: শশাংক তালুকদাৰ June 25, 2021 3:29 pm
mn

জালাহত এটা মাছে সৃষ্টি কৰিলে কৌতূহলৰ।

বাক্সা জিলাৰ জালাহত ৫৪ কিলোগ্ৰাম ওজনৰ বিলুপ্ত প্ৰজাতিৰ এটি মাছ উদ্ধাৰ হোৱাৰ পিছতে মাছটো চাবলৈ বহুতে হেতা-ওপৰা লগোৱা পৰিলক্ষিত হয়।

জালাহৰ কালদিয়া নৈত কেইজনমান মাছমৰীয়া যুৱকে মাছ মাৰিবলৈ যোৱাত উদ্ধাৰ হয় এই বিশাল আকাৰৰ মাছটো।

mas

মাছটো পোৱাৰ পিচতে উৎফুল্লিত হৈ পৰে মাছমৰীয়া যুৱককেইজন।

বিশাল আকাৰৰ এই মাছবিধ বিলুপ্ত প্ৰজাতিৰ মাছৰ ভিতৰৰে এবিধা বুলি ধাৰণা কৰা হৈছে।জালাহ অঞ্চলৰ কিছু লোক সকলে মাছটোৰ নাম গৌৰা মাছ বুলি কৈছে।

মাছটো যুৱক কেইগৰাকীয়ে নলবাৰীত বিক্রী কৰি ৩৫ হাজাৰ টকা পোৱা বুলি জানিব পৰা গৈছে।