NORTHEAST NOW (Assamese)
Popular Stories

বক্স অফিচত জৱানৰ জোকাৰণি, ইনষ্টাগ্ৰামত নকল শ্বাহৰুখৰ! কোন এই অবিকল কিং খান?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 9, 2023 4:37 pm
Jawan

অৱশেষত ৭ ছেপ্টেম্বৰত ৰূপালী পৰ্দাত মুক্তি পালে বহু প্ৰত্যাশিত একচন থ্ৰিলাৰ ‘জৱান’। কিং খান শ্বাহৰুখৰ এই ছবিখনে মুক্তিৰ প্ৰথম দিনাই খলকনি তোলে বক্স অফিচত। প্ৰথমদিনাই জৱানে বিশ্বজুৰি আয় কৰে অভিলেখ ১২৯ কোটি টকা।

এনে আকৰ্ষণীয় আৰম্ভণিৰ দ্বাৰা জৱানে ইতিমধ্যে হিন্দী ছবিজগতত এক নতুন অভিলেখৰ ইঙ্গিত বহন কৰিছে। বহুসময় ধৰি বক্স অফিচত বিশেষ জোকাৰণি তুলিবলৈ সক্ষম নোহোৱা শ্বাহৰুখ খানে শেহতীয়াকৈ পাঠান আৰু জৱানৰ জৰিয়তে লাভ কৰিছে বেক টু বেক সাফল্য।

কোৱা বাহুল্য যে, বলীউডৰ কিং খান ৰূপে খ্যাত শ্বাহৰুখ খানৰ দেশতে নালাগে, সমগ্ৰ বিশ্বতে আছে অবাধ জনপ্ৰিয়তা, আছে অলেখ ‘ফেন’। এই ফেন অৰ্থাৎ অনুৰাগীসকলে প্ৰায়ে শ্বাহৰুখ খানৰ নকল কৰি তেওঁৰ সংলাপ আওৰোৱা বা গানত নৃত্য কৰা দেখিবলৈ পোৱা যায়।

এই ফেনসকলৰ মাজতে কেতিয়াবা দেখিবলৈ পোৱা যায় চেহেৰাৰ মিল থকা কোনো বিশেষ ‘ফেন’। ঠিক যেন শ্বাহৰুখ খানৰে সেই বলীউডী ছবি ‘ফেন’ৰ সেই গৌৰৱ! সম্প্ৰতি সামাজিক মাধ্যমত ব্যাপক ভাইৰেল হৈ পৰিছে এনে এগৰাকী ফেন।

জৱানৰ অভূতপূৰ্ব সফলতাৰ পিছতে অধিক চৰ্চিত হৈ পৰিছে এই ফেনগৰাকী। শ্বাহৰুখ খানৰ দৰে অবিকল চেহেৰাৰে জৱানৰ গানৰ তালত তাল মিলাই নৃত্য কৰা এই ফেনগৰাকীৰ নাম ইব্ৰাহিম কাদ্ৰীক।

কাদ্ৰীৰ ইনষ্টাগ্ৰাম প্ৰফাইলত এতিয়া ভিৰ কৰিছে শ্বাহৰুখ অনুৰাগীয়ে। শ্বাহৰুখ খানৰ সৈতে থকা চেহেৰাৰ অবিকল সাদৃশ্যৰ বাবে ইব্ৰাহিম কাদ্ৰীয়ে নেটিজেনৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে।

শেহতীয়াকৈ জৱান চিনেমাৰ এটা গীতত নৃত্য কৰি ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল কাদ্ৰীয়ে। লগে লগে নেটিজেনৰ মাজত লাগে হুৱা দুৱা। সকলো আশ্চৰ্যচকিত! শাৰীৰিক গঠনৰ পৰা চুলিৰ সাদৃশ্যলৈ সাইলাখ চেহেৰাৰে কেনেকৈ সম্ভৱ এয়া!

 

View this post on Instagram

 

A post shared by Ibrahim qadri (@ibrahim__qadri)

সম্প্ৰতি এই ভিডিঅ’টোত ব্যাপক সঁহাৰি লাভ কৰিছে কাদ্ৰীয়ে। বিভিন্ন মন্তব্যৰে বিশেষ এই পোষ্টটোৰ তলত যেন উবুৰি খাই পৰিছে নেটিজেন। মুঠৰ ওপৰত জৱানে যিদৰে বক্স অফিচত খলকনি তুলিছে, ঠিক একেদৰেই যেন সামাজিক মাধ্যমত খলকনি তুলিছে নকল কিং খান কাদ্ৰীয়ে।