NORTHEAST NOW (Assamese)

কিয় খং উঠিছে ছাকিৰাৰ? আইনী প্ৰক্ৰিয়াৰে যুঁজ দিবলৈ সাজু পপ ছুপাৰষ্টাৰগৰাকী!

November 27, 2022 9:01 am · এন ই নাও নিউজ, গুৱাহাটী

লেটিন আমেৰিকাৰ পপ ছুপাৰষ্টাৰ ছাকিৰাই স্পেইনৰ কৰ কৰ্তৃপক্ষক যোগ্য প্ৰত্যুত্তৰ দিছে। তেওঁৰ বিৰুদ্ধে স্পেনিছ সংস্থাটোৱে ১৪ নিযুত ডলাৰৰ কৰ জালিয়াতিৰ অভিযোগ উত্থাপন কৰিছে।

কলম্বিয়ান গায়িকাগৰাকীয়ে কৈছে যে স্পেনিছ কৰ কৰ্তৃপক্ষৰ এই আচৰণ একেবাৰে গ্ৰহণযোগ্য নহয়। তেওঁ দাবী কৰে যে কৰ কৰ্তৃপক্ষই এই অভিযোগত কৰদাতাৰ আইনী নিশ্চয়তাৰ প্ৰতি কোনো সন্মান প্ৰদৰ্শন কৰা নাই।

তেওঁৰ মৌলিক অধিকাৰ উলংঘন কৰা হৈছে বুলি দাবী কৰি ছাকিৰাই কয়, “তেওঁলোকে মোৰ বহু বছৰ ধৰি অৰ্জন কৰা খ্যাতি তথা সুনাম কলুষিত কৰিবলৈ চেষ্টা কৰিছে।‘’

ছাকিৰাই লগতে কয়, “তেওঁলোকে মোৰ বিষয়ে গোপনীয়তা বিধিও উলংঘা কৰিছে। তদুপৰি, তেওঁলোকে নাগৰিকত্বৰ মৌলিক অধিকাৰো ক্ষুন্ন কৰিছে।‘’

ছাকিৰাৰ অধিবক্তাই এই সন্দৰ্ভত বাৰ্চিলোনাৰ আদালতত আনুষ্ঠানিক অভিযোগ দাখিল কৰিছে। বৰ্তমান ইয়াৰ তদন্ত চলি আছে।

Related News