NORTHEAST NOW (Assamese)

Shanti Swarup Bhatnagar Prize: বিজ্ঞানৰ সৰ্বোচ্চ সন্মান লাভ কৰা ড°বিনয় কুমাৰ শইকীয়াক সম্বৰ্ধনা জ্ঞাপন

October 23, 2021 4:53 pm · মীনাক্ষী ফুকন,গোলাঘাট

দেশৰ বিজ্ঞানৰ ক্ষেত্ৰখনৰ সৰ্বোচ্চ সন্মান লাভ কৰা গোলাঘাটৰ সু-সন্তান ড০ বিনয় কুমাৰ শ‌ইকীয়ালৈ সম্বৰ্ধনা গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ।

৬ টাকৈ বিষয়ত গৱেষণা কৰি বিজ্ঞানৰ ক্ষেত্ৰখনত অৱদান আগবঢ়াই অহা যোৰহাট NEIST ৰ বিজ্ঞানী ড০ বিনয় কুমাৰ শ‌ইকীয়াই শেহতীয়াকৈ লাভ কৰিছিল শান্তিস্বৰূপ ভাটনাগৰ বঁটা-২০২১।

তেখেতে অধ্যয়ন কৰি যোৱা মহাবিদ্যালয়,দেৱৰাজ ৰয় মহাবিদ্যালয় কৰ্তৃপক্ষই আজি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে প্ৰাক্তন ছাত্র তথা গোলাঘাটৰ সু-সন্তান ড০ বিনয় কুমাৰ শ‌ইকীয়ালৈ আগবঢ়ায় এই সম্বৰ্ধনা।

Latest News:মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগৰ গুৰুতৰ অভিযোগ

নিজ মহাবিদ্যালয়ত সম্বৰ্ধিত হৈ আবেগিক হৈ পৰে ড০ শ‌ইকীয়া।

প্ৰাক্তন ছাত্রজনৰ এনে সাফল্যত উৎফুল্লিত হৈ পৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষ‌ও।

Related News