NORTHEAST NOW (Assamese)
Popular Stories

প্ৰধানমন্ত্ৰীৰ কলকাতা যাবলৈ সময় আছে, কিন্তু কৃষকক লগ কৰিবলৈ সময় নাই : শাৰদ পাৱাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 7, 2021 3:25 pm
প্ৰধানমন্ত্ৰীৰ কলকাতা যাবলৈ সময় আছে, কিন্তু কৃষকক লগ কৰিবলৈ সময় নাই : শাৰদ পাৱাৰ

এনচিপিৰ বৰ্ষীয়ান নেতা শাৰদ পাৱাৰে দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰিছে।

তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ কলকাতাৰ নিৰ্বাচনী সভালৈ সময় আছে, কিন্তু কৃষকক লগ কৰিবলৈ সময় নাই।

তদুপৰি বিজেপিয়ে দেশত সাম্প্ৰদায়িক ঘৃণা বিয়পোৱা বুলিও তেওঁ অভিযোগ কৰে।

”কেন্দ্ৰৰ দায়িত্ব হৈছে ভাতৃত্ববোধ স্থাপন কৰা, কিন্তু বিজেপিয়ে দেশখনত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই আছে।” ঝাৰখণ্ডৰ ৰাঁচীত নেতাজনে কয়- ”কৃষকসকলে এশ দিন ধৰি প্ৰতিবাদ কৰি আছে, পশ্চিম বংগৰ চৰকাৰৰ বিৰুদ্ধে ৰেলী কৰিবলৈ প্ৰধানমন্ত্ৰীৰ কলকাতা যাবলৈ সময় আছে, কিন্তু দিল্লীত কৃষকসকলক লগ কৰিবলৈ সময় নাই।

উল্লেখযোগ্য যে, আগন্তুক বংগ নিৰ্বাচনত পাৱাৰৰ এনচিপিয়ে মমতা বেনাৰ্জীৰ শাসকীয় তৃণমূল কংগ্ৰেছক সমৰ্থন জনাইছে।